মুখ্যপৃষ্ঠা »খবৰ »অসম »Women Trafficking: কেৰালাৰ নাৰী দেহ ব্যৱসায় ঘাটিত অভিযান অসম আৰক্ষীৰ, উদ্ধাৰ অসমৰ ৫ জিলাৰ ৯ যুৱতী

Women Trafficking: কেৰালাৰ নাৰী দেহ ব্যৱসায় ঘাটিত অভিযান অসম আৰক্ষীৰ, উদ্ধাৰ অসমৰ ৫ জিলাৰ ৯ যুৱতী

 হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ আৰক্ষী বাহিনীয়ে বহিঃৰাজ্যত চলায় এই অভিযান।

হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ আৰক্ষী বাহিনীয়ে বহিঃৰাজ্যত চলায় এই অভিযান।

হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ আৰক্ষী বাহিনীয়ে বহিঃৰাজ্যত চলায় এই অভিযান।

  • Share this:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক মানৱ সৰবৰাহকাৰী চক্ৰৰ  বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশনা জাৰি কৰাৰ পিছত হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ আৰক্ষী বাহিনীয়ে বহিঃৰাজ্যত চলাইছে সফল অভিযান। হোজাই আৰক্ষীৰ এটা দলে কেৰালাৰ নাৰী দেহ ব্যৱসায়ীৰ ঘাটিত অভিযান চলাই উদ্ধাৰ কৰিছে অসমৰ কেইবাটাও জিলাৰ বহুকেইগৰাকী যুৱতীক।


আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তদাৰকত যোৱা  হোজাই আৰক্ষীৰ বৃহৎ এটা দলে অভিযান চলাই  অসমৰ পাঁচ জিলাৰ ৯গৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ হৈছে সক্ষম। অভিযানকাৰী দলে উদ্ধাৰ কৰিছে হোজাইৰ দুগৰাকী, নগাঁওৰ দুগৰাকী, মৰিগাঁওৰ তিনিগৰাকী, শোণিতপুৰ আৰু কামৰূপ গ্ৰাম্যৰ  এগৰাকীকৈ যুৱতীক। লগতে অসমৰ পৰা কেৰালালৈ  বিভিন্ন প্ৰলোভনেৰে যুৱতী নি দেহ ব্যৱসায়ত লিপ্ত কৰোৱা চক্ৰটোৰ দুই কুখ্যাত সদস্যকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটো।


অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ  কৰা নাৰী দেহ ব্যৱসায় চক্ৰটোৰ দুই সদস্য হৈছে হোজাইৰ মুফজুল হক আৰু নগাঁওৰ ৰকবুল হুছেইন।ইতিমধ্যে অভিযানকাৰী দলটো কেৰালাৰ পৰা হোজাই অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে। ইপিনে জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ উপৰি অভিযানকাৰী দলটোৰ তত্ত্বাৱধানত আছিল  জিলাৰ উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ। ৯গৰাকী যুৱতীক উদ্ধাৰ আৰু  চক্ৰটোৰ দুগৰাকী সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাত হোজাই আৰক্ষীক শলাগিছে সকলোৱে।


ইপিনে কেৰালাত গ্ৰেপ্তাৰ হোৱা নাৰী দেহ ব্যৱসায় চক্ৰটোৰ দুই সদস্য হোজাই আহি পোৱাৰ পিছত আৰক্ষীৰ জেৰাত আৰু  বহু তথ্য উদঘাটন অথবা আন বহু যুৱতী উদ্ধাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

শেহতীয়া বাতৰি