হাইলাকান্দিত মহিলাৰ মৃত্যুৰ পিছত ধৰা পৰিল কোভিড পজিটিভ

বুধবাৰ নিশা কোভিড প্ৰটোকল অনুসৰি হাইলাকান্দিৰ শান্তিবন শ্মশানত দাহ কৰা হয় নিহত সীমা আচাৰ্যৰ মৃতদেহ।
বুধবাৰ নিশা কোভিড প্ৰটোকল অনুসৰি হাইলাকান্দিৰ শান্তিবন শ্মশানত দাহ কৰা হয় নিহত সীমা আচাৰ্যৰ মৃতদেহ।
- News18 Assam
- Last Updated: July 30, 2020, 8:37 AM IST
মৃত মহিলাগৰাকীৰ স্বামী ৰূপক আচাৰ্যই জানিবলৈ দিয়া মতে, ২০ জুলাইত শিলচৰৰ এখন বেচৰকাৰী হাস্পতালত তেওঁৰ পত্নী সীমাই জন্ম দিছিল এটি পুত্ৰ সন্তান। কিন্তু প্ৰসবৰ পিছতে শ্বাস–প্ৰশ্বাসত সমস্যা হোৱাত ভৰ্তি কৰোৱা হয় শিলচৰ চিকিৎসা মহাবিদ্যালয়ত। আৰু মঙলবাৰে মৃত্যু হয় মহিলাগৰাকীৰ। মৃত্যুৰ পিছতে কোৰোণা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মেডিকেল কলেজ কৰ্তৃপক্ষয় আৰু বুধবাৰে ইয়াৰ ৰিপোৰ্ট পজিটিভ আহে।
বুধবাৰ নিশা কোভিড প্ৰটোকল অনুসৰি হাইলাকান্দিৰ শান্তিবন শ্মশানত দাহ কৰা হয় নিহত সীমা আচাৰ্যৰ মৃতদেহ। ইপিনে, সীমাই জন্ম দিয়া পুত্ৰ সন্তানৰ কোৰোণা ৰিপ’ৰ্ট নিগেটিভ আহিছে আৰু কেঁচুৱাটো বৰ্তমানে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। আনফালে, কোৰোণা পজিটিভ থাকিলেও সীমা আচাৰ্যৰ মৃত্যুৰ কাৰণ কোৰোণা নহয় বুলি জনাইছে হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্তই।