তৰুণ গগৈৰ সৈতে ছেলফী তুলিবলৈ হেতা–ওপৰা এজাক মহিলাৰ

জনপ্ৰিয় নেতাগৰাকীৰ চৌপাশে মহিলাসকলে ভিৰ কৰাত ব্যতিব্যস্ত হৈ পৰে নিৰাপত্তাৰক্ষীসকল।

News18-Assam
Updated:September 9, 2019, 6:21 PM IST
তৰুণ গগৈৰ সৈতে ছেলফী তুলিবলৈ হেতা–ওপৰা এজাক মহিলাৰ
জনপ্ৰিয় নেতাগৰাকীৰ চৌপাশে মহিলাসকলে ভিৰ কৰাত ব্যতিব্যস্ত হৈ পৰে নিৰাপত্তাৰক্ষীসকল।
News18-Assam
Updated: September 9, 2019, 6:21 PM IST
গৌতম বৰা, যোৰহাট : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যেন আছে এক সুকীয়া আকৰ্ষণীয় ব্যক্তিত্ব, যাৰ বাবে শাসনৰ গাদীত নাথাকিলেও তেওঁ জনপ্ৰিয় বহুতৰে মাজত। ১৫ বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গগৈ অতিকৈ জনপ্ৰিয় মহিলা তথা যুৱতীসকলৰ মাজতো। বৰ্তমানো কমা নাই সেই জনপ্ৰিয়তা।

সোমবাৰে এখন দলীয় সভাত যোৰহাটত উপস্থিত থকা জ্যেষ্ঠ ৰাজনীতিকগৰাকীৰ সৈতে একপি ছেলফী তুলিবলৈ হেতা–ওপৰা কৰা দেখা গল বহু মহিলাক। জনপ্ৰিয় নেতাগৰাকীৰ চৌপাশে মহিলাসকলে ভিৰ কৰাত ব্যতিব্যস্ত হৈ পৰে নিৰাপত্তাৰক্ষীসকল। কিন্তু স্বভাৱসুলভ ভংগীমাৰে সকলোৰে সৈতে হাঁহি হাঁহি ছেলফী তুলিলে বৰ্ষীয়ান নেতাগৰাকীয়ে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি