বিধায়ক শিলাদিত্য দেৱে মহিলাগৰাকীৰ দাবীসমূহ পৰৱৰ্তী সময়ত গুৰুত্ব সহকাৰে লোৱাৰ আশ্বাস দিয়ে।
বিধায়ক শিলাদিত্য দেৱে মহিলাগৰাকীৰ দাবীসমূহ পৰৱৰ্তী সময়ত গুৰুত্ব সহকাৰে লোৱাৰ আশ্বাস দিয়ে।
হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত স্থানীয় এগৰাকী মহিলাই ভাৰতবর্ষৰ নাৰী নির্যাতনৰ বিৰুদ্ধে বিগত ৯ দিন ধৰি অনশন বহিছে। তেজস্বিনী জন জাগৰণ অসম মহিলা সমিতিৰ অধ্যক্ষা নমিতা চাহুৱে পুৰুষৰ দ্বাৰা লাঞ্ছিত–বঞ্চিত তথা দুর্বল নাৰীসকলক ধৰ্ষণ কৰি হত্যা কৰা আদি ঘটনা ৰোধ কৰাৰ স্বাৰ্থত দেশত নাৰীৰ নিৰাপত্তা আৰু ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ আইন বলৱৎ কৰাৰ দাবীত ৯ দিন ধৰি অনশনত বহিছিল।
দেওবাৰে নৱম দিনা স্থানীয় বিধায়ক শিলাদিত্য দেৱে নিজাববীয়া চেষ্টাৰে নমিতা চাহুৰ লগত আলোচনা কৰি দাবীসমূহ বিধানসভা আৰু সংসদৰ অধ্যক্ষক অৱগত কৰাৰ আশ্বাস দিয়ে। বিধায়কৰ আশ্বাসৰ পিছত ORS খাই ন দিনীয়া অনশন ভংগ কৰে। বিধায়ক শিলাদিত্য দেৱে মহিলাগৰাকীৰ দাবীসমূহ পৰৱৰ্তী সময়ত গুৰুত্ব সহকাৰে লোৱাৰ আশ্বাস দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|