অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈও চৰকাৰক দাবী জনায় ক্ষুব্ধ মহিলাসকলে।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈও চৰকাৰক দাবী জনায় ক্ষুব্ধ মহিলাসকলে।
হাজোত অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াভাৱে লাভ কৰাৰ পৰা বঞ্চিত হোৱাত মহিলাৰ প্ৰতিবাদ। মহিলাসকলৰ দাবী, নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অৰুণোদয় আঁচনিৰ ধন মোকলাই দিয়াৰ লগতে দাইল, মিঠাতেল আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক।
হাজোৰ ক্ষেত্ৰিহাৰদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সানপাৰা আৰু গেৰাণ্টো গাঁৱৰ একাংশ মহিলাই অৰুণোদয় আঁচনিৰ ধনৰ মাত্ৰ চাৰিটা কিস্তিহে এই পৰ্যন্তলৈ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিবাদকাৰী মহিলাৰ অভিযোগ অনুসৰি, পঞ্চায়তৰ তৰফৰ পৰা প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ জৰীপ কৰাৰ লগতে যাৱতীয় নথি–পত্ৰ জমা দিয়াৰ পাছতো নিয়মিতভাৱে অৰুণোদয় আঁচনিৰ ধন পাবলৈ সক্ষম হোৱা নাই। এই সন্দৰ্ভত ক্ষুদ্ধ মহিলাসকলে হাজো ৰাজহ চক্ৰ বিষয়াক অৱগত কৰে বিষয়টো। আনহাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈও চৰকাৰক দাবী জনায় ক্ষুব্ধ মহিলাসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|