• Home
  • »
  • News
  • »
  • assam
  • »
  • হাজোৰ জীয়াৰীৰ ডিমাহাছাওত ৰহস্যজনক মৃত্যু, তদন্তৰ দাবীত মহিলা সমাজৰ প্ৰতিবাদেৰে উত্তাল হাজো

হাজোৰ জীয়াৰীৰ ডিমাহাছাওত ৰহস্যজনক মৃত্যু, তদন্তৰ দাবীত মহিলা সমাজৰ প্ৰতিবাদেৰে উত্তাল হাজো

এই ঘটনাৰ ১২ দিন উকলি যোৱাৰ পাছতো হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে

এই ঘটনাৰ ১২ দিন উকলি যোৱাৰ পাছতো হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে

এই ঘটনাৰ ১২ দিন উকলি যোৱাৰ পাছতো হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে

  • Share this:

এগৰাকী বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে তীৰ্থনগৰী হাজোৰ লগতে সমগ্ৰ ৰাজ্য। হাজোৰ ৰামদিয়াৰ উজানকুৰিৰ জীয়ৰী কংকনা মজুমদাৰৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি হাজোৰ মহিলা সমাজৰ উত্তাল প্ৰতিবাদ কৰে।


হত্যাকাৰীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীত মহিলাসকলে আজি হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখ্য যে ১৩ অক্টোবৰত ডিমাহাছাও জিলাৰ হাতীখোলাস্থিত ৰে'লৱে কোৱাৰ্টাৰত ৰহস্যজনকভাবে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল কংকনা মজুমদাৰৰ মৃতদেহ। এই ঘটনাৰ পিছতে কংকনাৰ পৰিয়ালৰ লোকে স্বামী দ্বীপেন দাসে কংকনাক হত্যাৰ অভিযোগ উত্থাপন কৰি ডিমাহাছাও জিলাৰ লাংটি থানাৰ অন্তৰ্গত হাতীখালি আৰক্ষী চকীত স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।


কিন্তু এই ঘটনাৰ ১২ দিন উকলি যোৱাৰ পাছতো হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে। ইয়াকে লৈ আজি হাজো সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই হাজো চক্ৰ বিষযা কাৰ্যালয়ত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।


কংকনা মজুমদাৰৰ মৃত্যুৰ তদন্ত CIDক অৰ্পণ কৰাৰ লগতে FAST TRACK আদালতত বিচাৰ কৰাৰ দাবী জনাই প্ৰতিবাদী মহিলাসকলে। লগতে হাজো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক–পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।

Published by:Gautam Barman
First published: