মুখ্যপৃষ্ঠা »খবৰ »অসম »Hailakandi news: বৃদ্ধাক পৌৰনেত্ৰীৰ অশালীন ব্যৱহাৰ; লালা পৌৰসভা কাৰ্যালয়ত তলা ওলমাই প্ৰতিবাদ মহিলাসকলৰ

Hailakandi news: বৃদ্ধাক পৌৰনেত্ৰীৰ অশালীন ব্যৱহাৰ; লালা পৌৰসভা কাৰ্যালয়ত তলা ওলমাই প্ৰতিবাদ মহিলাসকলৰ

পৌৰ নেত্ৰীগৰাকীৰ নিজ ৱাৰ্ডৰ ভোটাৰসকলৰ সৈতে অশালীন আচৰণত ক্ষোভিত মহিলাসকল

পৌৰ নেত্ৰীগৰাকীৰ নিজ ৱাৰ্ডৰ ভোটাৰসকলৰ সৈতে অশালীন আচৰণত ক্ষোভিত মহিলাসকল

পৌৰ নেত্ৰীগৰাকীৰ নিজ ৱাৰ্ডৰ ভোটাৰসকলৰ সৈতে অশালীন আচৰণত ক্ষোভিত মহিলাসকল

  • Share this:
নাই পকী পথ, নাই নৰ্দমা, নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই ষ্ট্ৰিট লাইট। কেৱল নাই নাই আৰু নাই। কিন্তু ইয়াৰ পিছতো প্ৰতি বছৰে পৌৰ কৰ বৃদ্ধি পাইছে বুলি হাইলাকান্দি জিলাৰ লালা চহৰৰ সাধাৰণ নাগৰিকসকলে অভিযোগ কৰিছে। লালা পৌৰসভাৰ বৰ্তমান পৌৰ নেত্ৰী টুৰশী ৰয়ৰ নিজৰ ৱাৰ্ডৰ পথ সমূহত পথাৰ সদৃশ পৰিৱেশ হৈ পৰিছে। এই সন্দৰ্ভত পৌৰ নেত্ৰীক সাক্ষাত্‍ কৰিবলৈ আজি পৌৰসভা কাৰ্যালয়ত লালা পৌৰসভাৰ ২ নম্বৰ ৱাৰ্ডৰ একাংশ মহিলা উপস্থিত হৈছিল। কিন্তু মাত্ৰ কেইমাহ আগতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পাহৰি ওলোটাই পৌৰ নেত্ৰীগৰাকীয়ে নিজ ৱাৰ্ডৰ ভোটাৰসকলৰ সৈতে অশালীন আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এগৰাকী জন প্ৰতিনিধিৰ এনে আচৰণ তথা তেওঁলোকৰ মাজৰ এগৰাকী বৃদ্ধাৰ সৈতে পৌৰ নেত্ৰী টুৰশী ৰয়ৰ অশালীন ব্যৱহাৰত মহিলাসকল ক্ষোভিত হৈ পৰে। ফলস্বৰূপে মহিলাসকলে টুৰশী ৰয়ৰ কক্ষ আৰু পৌৰসভা কাৰ্যালয়ত তলা ওলমাই দিয়ে আৰু পৌৰ নেত্ৰীগৰাকীয়ে ক্ষমা নোখোজা পৰ্যন্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰিছে।

উল্লেখ্য যে, বিজেপি পৰিচালিত এই লালা পৌৰসভা গঠনৰ মাত্ৰ ৬ মাহৰ ভিতৰতেই পৌৰসভা তথা আৰু পৌৰ নেত্ৰীক লৈ নাগৰিকসকলৰ ভিতৰত যথেষ্ট অসন্তুষ্টি পৰিলক্ষিত হৈছে।

শেহতীয়া বাতৰি