• Home
  • »
  • News
  • »
  • assam
  • »
  • মাত্ৰ এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল, কিহৰ বাবে জীৱনৰ মোহ এৰিলে আৰক্ষী কনিষ্টবল কল্পনাই?

মাত্ৰ এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল, কিহৰ বাবে জীৱনৰ মোহ এৰিলে আৰক্ষী কনিষ্টবল কল্পনাই?

কি কাৰণত ভাড়াঘৰত কল্পনাই এই পথ বাচি ল’লে সেয়া জানিব পৰা হোৱা নাই।

কি কাৰণত ভাড়াঘৰত কল্পনাই এই পথ বাচি ল’লে সেয়া জানিব পৰা হোৱা নাই।

কি কাৰণত ভাড়াঘৰত কল্পনাই এই পথ বাচি ল’লে সেয়া জানিব পৰা হোৱা নাই।

  • Share this:
দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীত কৰ্মৰত মহিলা আৰক্ষী কনিষ্টবল কল্পনা ৰাভাই মঙলবাৰে নিশা আৰক্ষী চকীৰ ওচৰৰে ভাড়া ঘৰত চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰায় এমাহ পূৰ্বে বকোৰ শিলবড়ীৰ নিজ গাঁৱৰে দিনৰঞ্জন ৰাভা নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কল্পনা।

কি কাৰণত ভাড়াঘৰত কল্পনাই এই পথ বাচি ল’লে সেয়া জানিব পৰা হোৱা নাই। বুধবাৰে পুৱা পলাশবাৰী ৰাজহ চক্ৰ বিষয়াগৰাকীৰ উপস্থিতিত বিজয়নগৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অমায়িক স্বভাৱৰ মহিলা কনিষ্টবলগৰাকীৰ এনে মৃত্যুৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by:Sanjay Kumar Das
First published: