• Home
  • »
  • News
  • »
  • assam
  • »
  • চূড়ান্ত অন্ধবিশ্বাস! দেৰগাঁও সহ একাংশ ঠাইত 'কোৰোণা মাতা' পূজা, ভক্তিত গদ গদ ৰাইজৰ মতে কোৰোণা এনেকৈহে যাব!

চূড়ান্ত অন্ধবিশ্বাস! দেৰগাঁও সহ একাংশ ঠাইত 'কোৰোণা মাতা' পূজা, ভক্তিত গদ গদ ৰাইজৰ মতে কোৰোণা এনেকৈহে যাব!

‘কোৰোণা এতিয়া ভাইৰাছ নহয়! একাংশ অন্ধ বিশ্বাসী লোকৰ মতে, কোৰোণা এতিয়া ‘মাতা’!

‘কোৰোণা এতিয়া ভাইৰাছ নহয়! একাংশ অন্ধ বিশ্বাসী লোকৰ মতে, কোৰোণা এতিয়া ‘মাতা’!

‘কোৰোণা এতিয়া ভাইৰাছ নহয়! একাংশ অন্ধ বিশ্বাসী লোকৰ মতে, কোৰোণা এতিয়া ‘মাতা’!

  • Share this:
‘কোৰোণা এতিয়া ভাইৰাছ নহয়! একাংশ অন্ধ বিশ্বাসী লোকৰ মতে, কোৰোণা এতিয়া ‘মাতা’! ‘কোৰোণা মাতা’ ক সন্তুষ্ট কৰিব নোৱাৰাৰ বাবেই এতিয়া সমগ্ৰ বিশ্বত মৃত্যু মুখত পৰিছে হাজাৰ হাজাৰ মানুহৰ।’- এনেদৰেই  দেশৰ বিভিন্ন প্ৰান্ত এতিয়া চূড়ান্ত অন্ধবিশ্বাসৰ কবলত।

দেৰগাঁৱত বহু মহিলাই আৰম্ভ কৰিলে ‘কোৰোণা মাতা’ পূজা। এগৰাকী মহিলাৰ মতে, উত্তৰ প্ৰদেশৰ বেগুচৰাইৰ দুগৰাকী মহিলাই গৰুক খোৱাবলৈ ঘাঁহ আনিবলৈ গৈছিল। আৰু পথাৰত দেখিছিল যে এজনী গাই গৰুয়ে ঘাঁহ খাই আছিল। ঘাঁহ খাই থাকোটেই গাই জনীয়ে মহিলাৰ ৰূপ ধৰে। লগে লগে ঘাঁহ আনিবলৈ যোৱা দুয়োগৰাকী মহিলা পলাবলৈ ধৰিল। তেতিয়া মহিলাৰ ৰূপ লোৱা গাই জনীয়ে ক’লে, ‘মই কোৰোণা মাতা’। লগতে ক’লে যে,কোৰোণা মাতাৰ পূজা নোহোৱা কাৰণেই বিশ্বত আজি ইমান মানুহ মৰিছে।গতিকে  পূজা কৰিলেই ঠিক হৈ যাব কোৰোণা ৰোগ। আৰু লগে লগে মহিলাসকলে নদীৰ কাষত পূজা কৰিবলৈ আৰম্ভ কৰে।

আনকি উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডৰো বিভিন্ন ঠাইত চলিছে ‘কোৰোণা মাতা’ক সন্তুষ্ট কৰিবলৈ পূজা-অৰ্চনা। মহিলাসকলে মুকলি ঠাইত সৰু কৈ গাত খান্দে আৰু গাতবোৰত পানী,ন টুকুৰা লং, নটা লাড্ডু ‘কোৰোণা মাতা’ক সন্তুষ্ট কৰিবলৈ উচৰ্গা কৰে।

এতিয়া একাংশই এনে অন্ধ বিশ্বাসৰ বিৰুদ্ধে জিলা প্ৰশাসনক অৱগত কৰিছে।

First published: