ৰঙিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক হত্যা কৰি একমাত্ৰ সন্তানক লৈ পলায়ন হত্যাকাৰী স্বামীৰ

২নং ইচ্ছাপুৰ নিবাসী কদম আলীয়ে পত্নী দিলোৱাৰা বেগমক হত্যা কৰি মৃতদেহটো ঘৰতেই পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
২নং ইচ্ছাপুৰ নিবাসী কদম আলীয়ে পত্নী দিলোৱাৰা বেগমক হত্যা কৰি মৃতদেহটো ঘৰতেই পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
- News18 Assam
- Last Updated: November 1, 2020, 8:36 PM IST
জানিব পৰা মতে, ২নং ইচ্ছাপুৰ নিবাসী কদম আলীয়ে পত্নী দিলোৱাৰা বেগমক হত্যা কৰি মৃতদেহটো ঘৰতেই পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। যোৱাৰ সময়ত কদম আলীয়ে তেওঁলোকৰ চাৰি বছৰীয়া একমাত্ৰ সন্তানক লগত লৈ পলায়ন কৰিছে। ওচৰ চুবুৰীয়াই ঘৰৰ মানুহক নেদেখি বিচাৰ-খোচৰ কৰে। তেনে সময়তেই একেখন গাঁৱতে বাস কৰা কদম আলীৰ শহুৰেকে জোৱায়েকলৈ ফোন কৰে। ফোনত কদম আলীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি মৃতদেহ ঘৰৰ ভিতৰত আছে বুলি জানিবলৈ দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত দিলোৱাৰা বেগমৰ পিতৃয়ে পূৰ্বতে যৌতুকৰ বাবে জোৱায়েক কদম আলীয়ে পত্নীক অত্যাচাৰ কৰিছিল বুলি জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছে।