সাধাৰণ কাজিয়াৰ পৰিণতিত এক নৃশংস হত্যাকাণ্ড, নগাঁৱত মহিলাক দাৰে ঘপিয়াই হত্যা

News18 Assam | News18-Assam
Updated:January 3, 2020, 12:39 PM IST
সাধাৰণ কাজিয়াৰ পৰিণতিত এক নৃশংস হত্যাকাণ্ড, নগাঁৱত মহিলাক দাৰে ঘপিয়াই হত্যা
হত্যাকাণ্ডৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে আব্দুল মান্নানে। হয়বৰগাঁও ৰেডিঅ’ চেণ্টাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

হত্যাকাণ্ডৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে আব্দুল মান্নানে। হয়বৰগাঁও ৰেডিঅ’ চেণ্টাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

  • Share this:
নগাঁৱত এগৰাকী মহিলা শ্ৰমিকক দাৰে ঘপিয়াই হত্যা। ৫ সন্তানৰ মাতৃক নৃশংসভাৱে হত্যা কৰিলে আব্দুল মান্নান নামৰ এজন লোকে। নিহত মহিলাগৰাকীৰ নাম আবিদা খাতুন। দিন হাজিৰা কৰি পৰিয়াল চলাইছিল মহিলাগৰাকীয়ে। কাম কৰি থকাৰ মাজতে আব্দুলৰ সৈতে তৰ্কাতৰ্কি হৈছিল আবিদাৰ। তাৰ পিছতে খঙতে দাৰে উপৰ্যুপৰি ঘপিয়াই মহিলাগৰাকীক হত্যা কৰে আব্দুলে। হত্যাকাণ্ডৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে আব্দুল মান্নানে। হয়বৰগাঁও ৰেডিঅ’ চেণ্টাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি