‘এয়া নৰবলি নহয়, কামাখ্যাক বদনাম কৰাৰ চক্ৰান্ত’ – মুণ্ডহীন মৃতদেহ উদ্ধাৰ লৈ মন্তব্য দলৈ সমাজৰ

মহিলাগৰাকীৰ মুণ্ড বিচাৰি আজি পুৱাৰে পৰা পুনৰ অভিযান চলাইছে আৰক্ষীয়ে।

news18assam
Updated:June 20, 2019, 11:53 AM IST
‘এয়া নৰবলি নহয়, কামাখ্যাক বদনাম কৰাৰ চক্ৰান্ত’ – মুণ্ডহীন মৃতদেহ উদ্ধাৰ লৈ মন্তব্য দলৈ সমাজৰ
মহিলাগৰাকীৰ মুণ্ড বিচাৰি আজি পুৱাৰে পৰা পুনৰ অভিযান চলাইছে আৰক্ষীয়ে।
news18assam
Updated: June 20, 2019, 11:53 AM IST
কামাখ্যাত মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অম্বুবাচী মেলাৰ প্ৰাকক্ষণত কামাখ্যাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ। অম্বুবাচী উপলক্ষে কটকটীয়া নিৰাপত্তাৰ মাজতে জয়দুৰ্গা মন্দিৰৰ চিৰিত উদ্ধাৰ হয় মহিলাৰ মৃতদেহ। মৃতদেহৰ সমীপতে উদ্ধাৰ পূজাৰ সা–সামগ্ৰী। অন্ধবিশ্বাসৰ বলি একাংশই মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মহিলাগৰাকীৰ মুণ্ড বিচাৰি আজি পুৱাৰে পৰা পুনৰ অভিযান চলাইছে আৰক্ষীয়ে।

এই ঘটনাৰ পিছতে কামাখ্যাৰ দলৈ সমাজে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। দলৈ সমাজে কয় – অম্বুবাচী মেলাত বিঘিনি ঘটাবলৈ এই ষড়যন্ত্ৰ কৰিছে দুষ্টচক্ৰই। কামাখ্যাক বদনাম কৰিবলৈ চক্ৰান্ত চলিছে। এয়া নৰবলি নহয়, এনেকুৱা প্ৰথা কামাখ্যাত নাই। কামাখ্যাত ম’হ, ছাগলী বলি দিয়া হয় যদিও মতা ছাগলী বা মতা ম’হহে বলি দিয়া হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি