ধিঙত দেওৰেকে ডেগাৰেৰে হানি হত্যা কৰিলে বৌৱেকক

স্থানীয় লোকে মহিলাগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

News18-Assam
Updated:September 22, 2019, 9:06 AM IST
ধিঙত দেওৰেকে ডেগাৰেৰে হানি হত্যা কৰিলে বৌৱেকক
স্থানীয় লোকে মহিলাগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
News18-Assam
Updated: September 22, 2019, 9:06 AM IST
ধিঙৰ ভেৰভেৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ দেওৰেকৰ ডেগাৰৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ। ছাহাবুদ্দিন নামৰ লোকজনে হত্যা কৰিলে বৌৱেকক। ককায়েক ফকৰ উদ্দিনে ভায়েক ছাহাবুদ্দিনৰ পৰা পাবলগীয়া ৪০ হাজাৰ টকা বিচৰাক লৈ দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ। সেই সময়তে ফকৰ উদ্দিনৰ পত্নী বাহিৰলৈ ওলাই অহাত ডেগাৰেৰে আক্ৰমণ কৰে ছাহাবুদ্দিনে। লগে লগে মাটিত ঢলি পৰে মহিলাগৰাকী।

স্থানীয় লোকে মহিলাগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাস্থলীত ধিং আৰু বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। ঘটনাৰ পিছতে পলায়ন কৰে অভিযুক্ত ছাহাবুদ্দিন।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি