অবৈধ প্ৰেমিকৰে মিলি স্বামীক হত্যা, মৃতদেহ পেলাই দিলে ব্ৰহ্মপুত্ৰত

হত্যাকাণ্ডৰ পিছতে স্বামী সন্ধানহীন হোৱা বুলি শুৱালকুছি থানাত এজাহাৰ দাখিল কৰিছিল পত্নীয়ে।

news18assam
Updated:June 6, 2019, 3:37 PM IST
অবৈধ প্ৰেমিকৰে মিলি স্বামীক হত্যা, মৃতদেহ পেলাই দিলে ব্ৰহ্মপুত্ৰত
হত্যাকাণ্ডৰ পিছতে স্বামী সন্ধানহীন হোৱা বুলি শুৱালকুছি থানাত এজাহাৰ দাখিল কৰিছিল পত্নীয়ে।
news18assam
Updated: June 6, 2019, 3:37 PM IST
কামৰূপৰ বাথানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এগৰাকী মহিলাই অবৈধ প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। হত্যা কৰাৰ পিছতে দুয়ো মিলি মৃতদেহ পেলাই দিলে ব্ৰহ্মপুত্ৰত। পৰকীয়া প্ৰেমিক তপন দাসৰ সৈতে মিলি প্ৰফুল্ল দাস নামৰ লোকজনক হত্যা কৰিলে পত্নীয়ে। হত্যাকাণ্ডৰ পিছতে স্বামী সন্ধানহীন হোৱা বুলি শুৱালকুছি থানাত এজাহাৰ দাখিল কৰিছিল পত্নীয়ে। ৩ জুনত সংঘটিত হয় এই ঘটনা।

৩ জুনৰ নিশা মহিলাগৰাকীয়ে স্বামীৰ লগতে দুই সন্তানক নিচাযুক্ত দ্ৰৱ্য খুৱাই অচেতন কৰি সংঘটিত কৰে এই জঘন্য কাণ্ড। হত্যাকাণ্ডৰ পিছতে অবৈধ প্ৰেমিক তপন দাসৰ সৈতে ফোনত সঘনে কথা পাতিছিল মহিলাগৰাকীয়ে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য। ইতিমধ্যে শুৱালকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীৰ লগতে অবৈধ প্ৰেমিক তপন দাসক।

আৰক্ষীৰ জেৰাত দুয়ো স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা। স্থানীয় লোকে জনোৱা অনুসৰি, মহিলাগৰাকীয়ে অবৈধ প্ৰেমিক তপনৰ সৈতে স্বামীক হত্যা কৰি মৃতদেহ চোচোৰাই নি পেলাই দিয়ে ব্ৰহ্মপুত্ৰত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে প্ৰফুল্ল দাসৰ মৃতদেহৰ সন্ধানত ব্ৰহ্মপুত্ৰত অভিযান চলাইছে SDRFৰ দলে।
আৰু চাওক পৰৱৰ্তী বাতৰি