মঙলদৈ বৰসত্ৰ গাঁৱৰ নৱ বিবাহিতা বোৱাৰীক হত্যাৰ অভিযোগ। হত্যা কৰি ওলমাই থ’লে খিৰিকীত। পৰকীয়া প্ৰেমৰ বাবেই স্বামী আৰু স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ। মঙলদৈ থানাৰ অন্তৰ্গত দিঘিৰপাৰ বৰসত্ৰ গাঁৱত এগৰাকী নৱ বিবাহিতা বোৱাৰীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগক লৈ উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল।
মাত্ৰ দুমাহ পূৰ্বে মঙলদৈৰ দাঁহী নগাঁৱৰ মহেন্দ্ৰ ডেকাৰ কন্যা তৃষ্ণামণি ডেকাক পলুৱাই আনে গৌতম বৈশ্য নামৰ যুৱকজনে। কিন্তু বাৰসত্ৰ গাঁৱৰ খিতেশ্বৰ বৈশ্যৰ পুত্ৰ গৌতমে শাৰীৰিক নিৰ্যাতন চলাবলৈ লয় পত্নীক।
অভিযোগ মতে, গৌতম বৈশ্যই এগৰাকী বিধৱা মহিলাৰ সৈতে পৰকীয়া প্ৰেম চলাই থকাৰ বাবেই বিগত দুমাহত দুবাৰকৈ নিজ ঘৰলৈ গুচি যায় পত্নী তৃষ্ণামণি। কিন্তু পথৰ কন্তক আঁতৰাবলৈ গৌতমে দেওবাৰে দিনৰ ভাগত তৃষ্ণাক হত্যা কৰি খিৰিকীত ওলমাই থোৱাৰ অভিযোগ উত্থাপন হৈছে।
এই খবৰ বিয়পাৰ লগে লগে আজি গৌতমৰ ঘৰ লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিবলৈও উদ্ব্যত হয় একাংশ লোক। ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে তৃষ্ণামণিয়ে লিখি থৈ যোৱা এখন ছুইচাইড নোট।
ছুইচাইড নোটত উল্লেখ আছে যে ইয়াৰ পূৰ্বেও স্বামীৰ পৰিয়ালে বিহ খুৱাই হত্যাৰ চেষ্টা কৰিছিল মহিলাগৰাকীক। এগৰাকী গাঁওবুঢ়াৰ নামো লিখি থৈ গৈছে পত্ৰখনত। বহুবাৰ স্বামীৰ পৰিয়ালৰ সৈতে মিলি বিচিত্ৰ নামৰ গাঁওবুঢ়াজনে হত্যাৰ চেষ্টা কৰা বুলি উল্লেখ পত্ৰখনত।
ঘটনাৰ পিছতে পলায়ন কৰে স্বামী গৌতম বৈশ্য, শহুৰেক খীতেশ্বৰ বৈশ্য আৰু শাহুৱেক দৈৱকী বৈশ্য। ঘটনাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। মঙলদৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰে।সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|