মুখ্যপৃষ্ঠা » খবৰ

» অসম

»হাইলাকান্দিত যৌতুকৰ বলি অন্তঃসত্ত্বা বোৱাৰী, ১ লাখ টকা নিদিয়া বাবে হত্যা কৰিলে স্বামী পৰিয়ালে

হাইলাকান্দিত যৌতুকৰ বলি অন্তঃসত্ত্বা বোৱাৰী, ১ লাখ টকা নিদিয়া বাবে হত্যা কৰিলে স্বামী পৰিয়ালে

News18 Assam | News18-Assam
Updated:October 7, 2020, 5:20 PM IST
হাইলাকান্দিত যৌতুকৰ বলি অন্তঃসত্ত্বা বোৱাৰী, ১ লাখ টকা নিদিয়া বাবে হত্যা কৰিলে স্বামী পৰিয়ালে
বিগত কেইদিনৰ পৰা গাড়ী কিনাৰ বাবে ১ লাখ টকা আনি দিবলৈ চাপ সৃষ্টি কৰিছিলে স্বামী জাকিৰ হুছেইনে।

বিগত কেইদিনৰ পৰা গাড়ী কিনাৰ বাবে ১ লাখ টকা আনি দিবলৈ চাপ সৃষ্টি কৰিছিলে স্বামী জাকিৰ হুছেইনে।

  • Share this:
হাইলাকান্দিত যৌতুকৰ বলি এগৰাকী বোৱাৰী। যৌতুক নিদিয়াৰ বাবে স্বামী পৰিয়ালে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৰুছতানা বেগম মজুমদাৰ নামৰ বোৱাৰীক বোৱাৰীক। দক্ষিণ হাইলাকান্দিৰ দামছেড়া গাঁৱত সংঘঠিত হৈছে এই ঘটনা।

যোৱানিশা হাইলাকান্দিৰ ৰামনাথপুৰ থানাৰ অধীনৰ দামছেড়া গাঁৱত জাকিৰ হুছেইন মজুমদাৰ আৰু তেওঁ প্ৰথম পত্নী নাজমা বেগমসহ পৰিয়ালৰ লোকে হত্যা কৰিলে দ্বিতীয় পত্নী ৰুছত‍ানা বেগম মজুমদাৰক। অভিযোগ অনুসৰি, বিয়াৰ পিছৰ পৰাই স্বামী পৰিয়ালে যৌতুকৰ বাবে অত্যাচাৰ কৰি আহিছিল ৰুছতানাক।

বিগত কেইদিনৰ পৰা গাড়ী কিনাৰ বাবে ১ লাখ টকা আনি দিবলৈ চাপ সৃষ্টি কৰিছিলে স্বামী জাকিৰ হুছেইনে। কিন্তু টকা নিদিয়াৰ বাবে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি যোৱা নিশা মৃত্যুক সাবটি লয় ৭ মাহৰ অন্তঃসত্ত্বা ৰুছতানাই।

ইপিনে, ৰুছতানাৰ মৃত্যুৰ পিছৰ পৰাই পলাতক স্বামীসহ পৰিয়ালৰ আন সদস্যসকল। আৰক্ষী ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Published by: Sanjay Kumar Das
First published: October 7, 2020, 5:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি