হোজাইৰ নামা মাটিখোলা গাঁৱত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ডৰ ঘটনা। ৮৫ বছৰীয়া আইতাকক হানি–খুচি হত্যা কৰিলে নাতিয়েকে। মৃত বৃদ্ধাগৰাকীৰ নাম মনমোহিনী বিশ্বাস বুলি জানিব পৰা গৈছে। ইফালে হত্যাকাৰী নাতিয়েকৰ নাম হৈছে অৰ্জুন বিশ্বাস।
হত্যাকাৰী নাতিয়েকে আইতাকক হত্যা কৰা বুলিও দিছে স্বীকাৰোক্তি। লক্ষণীয় যে হত্যাকাৰী নাতিয়েক অৰ্জুনে প্রায়েই ভাং, ডেনড্ৰাইট আদি সেৱন কৰি মাতাল হৈ থাকে। ইয়াৰ পূৰ্বেও মাতাল অৰ্জুন বিশ্বাসে পিতৃ–মাতৃ আৰু আইতাক কেইবাৰো চলাইছিল আক্ৰমণ।
ইফালে হত্যাৰ পিছত অনুতপ্ত অনুভৱ কৰা হত্যাকাৰী নাতিয়েকে আইতাকৰ গাত ভূত দেখা পাই হত্যা কৰা বুলি মন্তব্য কৰে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী নাতিয়েকক গ্ৰেপ্তাৰ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|