মধুবালা মণ্ডল, নবীন বৰ্মনৰ পিছত এইবাৰ ডিটেনচন কেম্পত বন্দী চন্দাৰাণী পাল

তেজপুৰ ডিটেনচন কেম্পত ১৯ মাহ ধৰি বন্দিত্বৰ জীৱন কটাইছে চন্দাৰাণী পাল নামৰ এই মহিলাগৰাকীয়ে। দুটি পুত্ৰ সন্তান আৰু এটি কণমানি কন্যা সন্তানক এৰি বিদেশীৰ গোচৰত ডিটেনচন কেম্পত বন্দী হৈ আছে এই গৰাকী মহিলা।

news18assam
Updated:June 9, 2019, 10:35 AM IST
মধুবালা মণ্ডল, নবীন বৰ্মনৰ পিছত এইবাৰ ডিটেনচন কেম্পত বন্দী চন্দাৰাণী পাল
তেজপুৰ ডিটেনচন কেম্পত ১৯ মাহ ধৰি বন্দিত্বৰ জীৱন কটাইছে চন্দাৰাণী পাল নামৰ এই মহিলাগৰাকীয়ে। দুটি পুত্ৰ সন্তান আৰু এটি কণমানি কন্যা সন্তানক এৰি বিদেশীৰ গোচৰত ডিটেনচন কেম্পত বন্দী হৈ আছে এই গৰাকী মহিলা।
news18assam
Updated: June 9, 2019, 10:35 AM IST
বিজনীৰ মধুবালা মণ্ডল, ওদালগুৰিৰ নবীন বৰ্মনৰ পিছত এইবাৰ পুনৰ পোহৰলৈ আহিছে ডিটেনচন কেম্পত বন্দী আন এগৰাকী মহিলাৰ নাম। তেজপুৰ ডিটেনচন কেম্পত ১৯ মাহ ধৰি বন্দিত্বৰ জীৱন কটাইছে চন্দাৰাণী পাল নামৰ এই মহিলাগৰাকীয়ে। দুটি পুত্ৰ সন্তান আৰু এটি কণমানি কন্যা সন্তানক এৰি বিদেশীৰ গোচৰত ডিটেনচন কেম্পত বন্দী হৈ আছে এই গৰাকী মহিলা।



প্ৰায় ১০ বছৰ পূৰ্বে লামডিঙৰ চন্দাৰাণী ডবকা চহৰৰ দুলাল পাল নামৰ লোকজনলৈ বিয়া হৈছিল। ডি-ভোটাৰৰ জাননীয়ে পলকতে ওলট-পালট কৰি দিলে চন্দাৰাণীৰ জীৱন৷ সময়ত প্ৰয়োজনীয় তথ্যপাতি দাখিল কৰিব নোৱাৰাত চন্দাৰাণী বিগত ১৯ মাহ ধৰি বন্দী হৈ আছে তেজপুৰ ডিটেনশ্যন কেম্পত৷ কন্যাৰ এক বছৰ বয়সতে ডিটেনশ্যন কেম্পলৈ যাবলগীয়া হৈছিল চন্দাৰাণী। ইফালে, স্বামীগৃহ আৰু মাতৃগৃহৰ পৰিয়ালে বিদেশী ন্যায়াধিকৰণৰ বিৰুদ্ধে প্ৰথমে হোজাই আৰু তাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন কৰি বিমুখ হৈ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি