অৱশ্যে পূৰ্বে আক্ৰান্ত হোৱা মহিলাগৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে।
অৱশ্যে পূৰ্বে আক্ৰান্ত হোৱা মহিলাগৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে।
দক্ষিণ কামৰূপৰ অসম–মেঘালয় সীমান্তৰ উমচুৰ নগাঁৱত পুনৰ এগৰাকী মহিলাৰ দেহত ধৰা পৰিল কোভিড-১৯ পজিটিভ। ইয়াৰ পূৰ্বে ১৪ জুনত উমচুৰ নগাঁৱৰ আন এগৰাকী মহিলা আক্ৰান্ত হৈছিল কোভিড–১৯ত। প্ৰশাসনে অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ নমুনা সংগ্ৰহ কৰিছিল।
শেহতীয়াকৈ কোভিড–১৯ পজিটিভ হোৱা মহিলাগৰাকীৰো নমুনা সংগ্ৰহ কৰা হৈছিল। তাৰ পিছতে মহিলাগৰাকীৰ দেহত কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱা হয়। অৱশ্যে পূৰ্বে আক্ৰান্ত হোৱা মহিলাগৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|