ঢেকীয়াজুলিত হোম কোৱাৰেণ্টাইনত থকা মহিলা আক্ৰান্ত কোৰোণাত

News18 Assam | News18-Assam
Updated:May 29, 2020, 9:21 AM IST
ঢেকীয়াজুলিত হোম কোৱাৰেণ্টাইনত থকা মহিলা আক্ৰান্ত কোৰোণাত
২১ মে’ত প্ৰণতি দাস নামৰ মহিলা গৰাকীয়ে তেওঁৰ দুই পুত্ৰৰ সৈতে মুম্বাইৰ পৰা আহি গুৱাহাটীৰ হোটেল উপাসনা পেলেচত কোৱাৰেণ্টাইন হৈ আছিল৷

২১ মে’ত প্ৰণতি দাস নামৰ মহিলা গৰাকীয়ে তেওঁৰ দুই পুত্ৰৰ সৈতে মুম্বাইৰ পৰা আহি গুৱাহাটীৰ হোটেল উপাসনা পেলেচত কোৱাৰেণ্টাইন হৈ আছিল৷

  • Share this:
হোম কোৱাৰেণ্টাইনৰ বাবে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ লাবাৰী গাঁৱলৈ আহি এগৰাকী মহিলা কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতেই আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত৷ প্ৰশাসনে ইতিমধ্যে ঢেকীয়াজুলিৰ লাবাৰী বঙালি গাঁওখনক কণ্টেইনমেণ্ট জ’ন হিচাপে চিহ্নিত কৰিছে৷

উল্লেখ্য যে ২১ মে’ত প্ৰণতি দাস নামৰ মহিলা গৰাকীয়ে তেওঁৰ দুই পুত্ৰৰ সৈতে মুম্বাইৰ পৰা আহি গুৱাহাটীৰ হোটেল উপাসনা পেলেচত কোৱাৰেণ্টাইন হৈ আছিল৷ স্বাস্থ্য বিভাগে ৫৫ বছৰীয়া মহিলা গৰাকীৰ লগতে দুই পুত্ৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কোনো ধৰণৰ লক্ষণ নেদেখাত নমুনা পৰীক্ষাৰ ফলাফল নহাৰ পূৰ্বে মহিলাগৰাকীক গুৱাহাটীৰ পৰা হোম কোৱাৰেণ্টাইনৰ বাবে ঢেকিয়াজুলিলৈ পঠিয়ায়৷

ইয়াৰ পিছতেই মহিলাগৰাকী উবেৰ গাড়ী ভাড়া কৰি ঢেকীয়াজুলিৰ লাবাৰী বঙালী গাঁও আহি পায়৷ কিন্তু মহিলাগৰাকী ঢেকীয়াজুলি লাবাৰী আহি পোৱাৰ এঘণ্টাৰ পিছতেই নমুনা পৰীক্ষাৰ ফলাফলত ধৰা পৰে কোভিড–১৯ আক্ৰান্ত বুলি৷ লগে লগে প্ৰশাসনৰ লোক মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হৈ TMCHলৈ প্ৰেৰণ কৰে৷

প্ৰশাসনে উক্ত অঞ্চলটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে৷ ইপিনে, গাঁওখনৰ সমূহ বাট–পথ আদিও ছেনিটাইজ কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে৷ ইপিনে ঘটনাস্থলীত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত  উপস্থিত হৈ পৰিস্থিতি বুজ লয়৷ আনহাতে, গুৱাহাটীৰ পৰা যিখন বাহনত মহিলাগৰাকীক ঢেকীয়াজুলিলৈ আনিছিল সেই বাহনৰ চালকজনক কোৱাৰেণ্টাইন কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে সদৰি কৰে।

কোৰোণাত আক্ৰান্ত প্ৰণতি দাস ঘৰত বা গাঁওখনত কোনো লোকৰ সংস্পৰ্শলৈ অহা নাছিল বুলি জানিবলৈ দি গাঁওখনক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ কথা ব্যক্ত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে৷
First published: May 29, 2020, 9:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading