ড্ৰাগছৰ ব্যৱসায়ত নামিছে যুৱতী–মহিলা, দক্ষিণ কামৰূপত আৰক্ষীৰ জালত এগৰাকী যুৱতী

News18 Assam | News18-Assam
Updated:October 18, 2020, 1:30 PM IST
ড্ৰাগছৰ ব্যৱসায়ত নামিছে যুৱতী–মহিলা, দক্ষিণ কামৰূপত আৰক্ষীৰ জালত এগৰাকী যুৱতী
জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমাকান্ত বৰাৰ সহযোগত এগৰাকী কুখ্যাত মহিলা ড্ৰাগছ ব্যৱসায়ীক ছয়গাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷

জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমাকান্ত বৰাৰ সহযোগত এগৰাকী কুখ্যাত মহিলা ড্ৰাগছ ব্যৱসায়ীক ছয়গাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷

  • Share this:
ড্ৰাগছৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ ধৰাবাহিক অভিযানত এটাৰ পিছত এটাকৈ ড্ৰাগছ ব্যৱসায়ী ধৰা পেলাবলৈ সক্ষম হৈছে৷ তাৰ মাজতেই ড্ৰাগছ ব্যৱসায়ীয়ে ন ন কৌশল অৱলম্বন কৰি চলাই গৈছে ব্যৱসায় ৷ বিশেষকৈ গৰৈমাৰী আৰক্ষী চকী আৰু জোৰশিমুলী আৰক্ষী চকী এলেকাত একাংশ যুৱতী-মহিলাৰ দ্বাৰা চলাই গৈছে এই মাৰাত্মক ড্ৰাগছ চোৰাং ব্যৱসায়৷

কিছুদিন পুৰ্বে গৰৈমাৰী আৰক্ষী চকীৰ এলেকাধীন গৰৈমাৰী সত্ৰ গাঁৱৰ পৰা এগৰাকী যুৱতীক ছয়গাঁও আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছতে শনিবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে পুনৰ জোৰশিমুলী এলেকাৰ দাস পাৰা গাঁৱত আৰক্ষীয়ে চলায় অভিযান৷

জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমাকান্ত বৰাৰ সহযোগত এগৰাকী কুখ্যাত মহিলা ড্ৰাগছ ব্যৱসায়ীক ছয়গাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ মহিলাগৰাকীৰ পৰা উদ্ধাৰ হৈছে ১১টাকৈ ড্ৰাগছৰ কণ্টেইনাৰৰ লগতে নগদ ১০,৬০০ টকা৷

ঘটনা সন্দৰ্ভত জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমাকান্ত বৰাই নিজাববীয়াকৈ  এটা গোচৰ ৰুজু কৰিছে৷ উল্লেখ্য যে, এইগৰাকী মহিলাই কিছুদিন পুৰ্বেও ড্ৰাগছসহ আৰক্ষীৰ জালত পৰি জে’লৰ ভাত খাবলগীয়া হৈছিল৷
Published by: Sanjay Kumar Das
First published: October 18, 2020, 1:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading