চৰকাৰীভাৱে এটা বাসগৃহ লাভ কৰা মহিলাগৰাকীয়ে অন্য চৰকাৰী সুবিধাও লাভ কৰা নাই৷
চৰকাৰীভাৱে এটা বাসগৃহ লাভ কৰা মহিলাগৰাকীয়ে অন্য চৰকাৰী সুবিধাও লাভ কৰা নাই৷
একবিংশ শতিকাতো পথৰ মাজৰ পানী খাই মানুহে জীৱন নিৰ্বাহ কৰিব লগা হৈছে৷ কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিত এগৰাকী মহিলাই চাৰিলেনযুক্ত পথৰ মাজৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে ৷ মহিলাগৰাকী কমাৰগাঁৱৰ অনু দেৱী৷ এটা টিউবেলৰ অভাৱত এইগৰাকী মহিলাই চাৰিলেনযুক্ত পথৰ মাজত জমা হোৱা বৰষুণৰ পানী খাই জীৱন নিৰ্বাহ কৰি আহিছে৷ যিসময়ত চৰকাৰী ভাৱে বিশুদ্ধ খোৱাপানীৰ নামত চৰকাৰে কোটি কোটি টকা খৰছ কৰিছে, তেনে সময়তো এইদৰেই পথৰ মাজৰ পানী খাই জীৱন নিৰ্বাহ কৰা মানুহো আছে৷ পঞ্চাশোৰ্ধ্বৰ মহিলীগৰাকীৰ পৰিয়ালত কোনোৱেই নাই৷ চৰকাৰীভাৱে এটা বাসগৃহ লাভ কৰা মহিলাগৰাকীয়ে অন্য চৰকাৰী সুবিধাও লাভ কৰা নাই৷ অনু দেৱীৰ ঘৰৰ সন্মুখেৰেই প্ৰতিদিনাই মন্ত্ৰী অতুল বৰাই বিশাল কনভয় লৈ অহা-যোৱা কৰে৷ কিন্তু তেওঁৰ দৃষ্টি আজিও পৰা নাই অনু দেৱীৰ ওপৰত৷
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|