News18 AssamNews18 Assam
|
News18-Assam Updated:October 30, 2020, 8:40 PM IST
নিহত মহিলাগৰাকীৰ নাম পল্লৱী দাস (২৮)।
নিহত মহিলাগৰাকীৰ নাম পল্লৱী দাস (২৮)।
শোণিতপুৰ জিলাৰ ঠেলামৰাত এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা৷ নিহত মহিলাগৰাকীৰ নাম পল্লৱী দাস (২৮)। ঠেলামৰা আৰক্ষী থানা এলেকাৰ নাহৰবাৰীত ঠেলামৰা-মিছামাৰী সংযোগী পথত শুকুৰবাৰে সন্ধিয়া নাহৰবাৰী হাবিগাঁৱৰ ধৰণী দাসৰ পত্নী পল্লৱী দাসে নিজৰ স্কুটীৰে ঠেলামৰালৈ আহি থকাৰ অৱস্থাতে মিছামাৰীলৈ গৈ থকা এখন হুণ্ডাই ভেনু বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ফলত মহিলাগৰাকী থিতাতে নিহত৷ উল্লেখযোগ্য যে মহিলাগৰাকীৰ স্কুটীখন সন্মুখৰ ভাগটো সম্পূৰ্ণৰূপে চূণ–বিচূৰ্ণ হৈ পৰে৷ ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰক্ষীয়ে জব্দ কৰিছে৷
Published by:
Sanjay Kumar Das
First published:
October 30, 2020, 8:25 PM IST