শিৱসাগৰত মহিলা কনিষ্টবলক বলাৎকাৰৰ চেষ্টা, আৰক্ষীৰ জালত অভিযুক্ত

ছৰিফুলৰ কবলৰ পৰা কথমপি নিজকে ৰক্ষা কৰি আত্মীয়ক খবৰ দিয়াত লম্পটটোক কৰায়ত্ত কৰে ৰাইজে।

News18-Assam
Updated:October 17, 2019, 1:01 PM IST
শিৱসাগৰত মহিলা কনিষ্টবলক বলাৎকাৰৰ চেষ্টা, আৰক্ষীৰ জালত অভিযুক্ত
ছৰিফুলৰ কবলৰ পৰা কথমপি নিজকে ৰক্ষা কৰি আত্মীয়ক খবৰ দিয়াত লম্পটটোক কৰায়ত্ত কৰে ৰাইজে।
News18-Assam
Updated: October 17, 2019, 1:01 PM IST
শিৱসাগৰত অসম আৰক্ষী বেটেলিয়নৰ এগৰাকী মহিলা কনিষ্টবলক বলাৎকাৰৰ চেষ্টা। ১১নং বেটেলিয়নৰ এগৰাকী কনিষ্টবলক বলাৎকাৰৰ চেষ্টা চলায় ছৰিফুল আলী নামৰ এটা লম্পটে। স্বামীৰ অসুস্থতাৰ বাবে দেৰগাঁৱৰ প্ৰশিক্ষণস্থলীৰ পৰা শিৱসাগৰৰ বাগলস্থিত স্বামীগৃহত আছিলহি কনিষ্টবলগৰাকী। ছাগলী এৰাল দিবলৈ যোৱা অৱস্থাতে বলাৎকাৰৰ চেষ্টা চলায় ছৰিফুল ওৰফে ভাই নামৰ যুৱকজনে। ছৰিফুলৰ কবলৰ পৰা কথমপি নিজকে ৰক্ষা কৰি আত্মীয়ক খবৰ দিয়াত লম্পটটোক কৰায়ত্ত কৰে ৰাইজে। ৰাইজে লপা–থপা দি শিৱসাগৰ সদৰ থানাত গতাই দিয়ে যুৱকজনক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি