সাংসদ কুইন ওজাৰ বাসগৃহত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰসংগ সংসদত উত্থাপন কৰাৰ বাবে কুইন ওজাক মহিলা কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে আহ্বান জনালে। দলটোৱে কুইন ওজাক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ তেওঁৰ বাসগৃহলৈ গৈছিল। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত যোৱা দলটোৱে বহু সময় সাংসদ গৰাকীক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহৰ সন্মুখত অপেক্ষা কৰিলে। কিন্তু সাংসদ গৰাকী ওলাই নাহিল।
দৰাচলতে, মহিলা কংগ্ৰেছৰ দলটোৱে সদনত নীৰৱ ভূমিকা নলৈ ৰাইজৰ স্বাৰ্থত মাত মাতিবলৈ কুইন ওজাক আহ্বান জনায়। মহিলা কংগ্ৰেছৰ দাবী দ্ৰয়িং ৰূমত বহি চাহ নহয় বাহিৰলৈ আহি স্মাৰক পত্ৰ গ্ৰহণ কৰক। কিন্তু সাংসদ কুইন ওজা ওলাই নহাৰ বাবে অৱশেষত তেওঁৰ বাসগৃহতে মহিলা কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিলে। মীৰা বৰঠাকুৰে ক'লে, ‘‘বাহিৰলৈ ওলাই আহি স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ সৎ সাহস নথকা সাংসদ গৰাকীয়ে কি উন্নয়নৰ কথা চিন্তা কৰিব, এনেকুৱা সাংসদ দ্বিতীয় বাৰৰ বাবে প্ৰয়োজন নাই ৰাইজক। এনেকুৱা সাংসদে মহিলাৰ সমস্যাৰ কথা কিদৰে বুজিব?’’
অসম প্ৰদেশ মহিলা কংগ্ৰেছে মূল্যবৃদ্ধি সৰ্ম্পকত বিজেপিৰ সাংসদৰ নীৰৱ ভূমিকাৰ অভিযোগ উত্থাপন কৰে। দেহত চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ ফটো, পষ্টাৰ লগাই সাব্যস্ত কৰিছে প্ৰতিবাদ। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক সাক্ষাৎ কৰিবলৈ দেওবাৰে দিনৰ ১১ বাজি ৩০ মিনিটত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সজাতি দলটো গৈছিল। সাংসদ কুইন ওজাৰ উলুবাৰীৰ নিজা বাসভৱনত সাক্ষাৎ কৰিবলৈ সজাতি দলটো উপস্থিত হৈছিল। ১৩ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগা লোকসভা অধিৱেশনত মূল্যবৃদ্ধি সৰ্ম্পকত সৰৱ ভূমিকা পালন কৰিবলৈ সাংসদ গৰাকীক মহিলা কংগ্ৰেছৰ সজাতি দলে আহ্বান জনায়। মহিলা কংগ্ৰেছৰ পত্ৰ ল'বলৈ সাংসদ কুইন ওজা ওলাই নহা বাবে অৱশেষত প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰক প্ৰত্ৰ এজনৰ হাতত প্ৰদান কৰি দলটো গুচি যায়।
ইফালে পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকাত সাংসদ গৰাকীৰ বাসগৃহত পল্টনবজাৰ আৰক্ষী উপস্থিত হয়।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 12, 2023, 14:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।