• Home
  • »
  • News
  • »
  • assam
  • »
  • আৰক্ষী বা নিৰাপত্তা বাহিনী নহয়, নিজৰ অঞ্চলটোক সুৰক্ষা দিবলৈ হাতে–হাতে দা–লাঠি লৈ ওলাই আহিছে এজাক মহিলা

আৰক্ষী বা নিৰাপত্তা বাহিনী নহয়, নিজৰ অঞ্চলটোক সুৰক্ষা দিবলৈ হাতে–হাতে দা–লাঠি লৈ ওলাই আহিছে এজাক মহিলা

অঞ্চলটোত মদকে ধৰি ৰাগিয়াল দ্ৰব্যৰ প্ৰয়োভৰ বৃদ্ধি পোৱাৰ ফলত এইদৰে ৰাজপথলৈ ওলাই আহিছে মহিলাসকল৷

অঞ্চলটোত মদকে ধৰি ৰাগিয়াল দ্ৰব্যৰ প্ৰয়োভৰ বৃদ্ধি পোৱাৰ ফলত এইদৰে ৰাজপথলৈ ওলাই আহিছে মহিলাসকল৷

অঞ্চলটোত মদকে ধৰি ৰাগিয়াল দ্ৰব্যৰ প্ৰয়োভৰ বৃদ্ধি পোৱাৰ ফলত এইদৰে ৰাজপথলৈ ওলাই আহিছে মহিলাসকল৷

  • Share this:
আৰক্ষী বা নিৰাপত্তা বাহিনী নহয়, বঙাইগাঁৱত অতন্দ্ৰ পহৰীৰ ৰূপত এজাক মহিলা৷ পূজাৰ বতৰত এজাক মহিলাই ৰাখিছে নিজ অঞ্চলত চোকা নজৰ৷ হাতে হাতে দাং-লাঠি লৈ ৰাজপথত টহল মহিলাসকলৰ৷ এয়া বঙাইগাঁৱৰ নানকাৰগাঁৱৰ দৃশ্য৷ অঞ্চলটোত মদকে ধৰি ৰাগিয়াল দ্ৰব্যৰ প্ৰয়োভৰ বৃদ্ধি পোৱাৰ ফলত এইদৰে ৰাজপথলৈ ওলাই আহিছে মহিলাসকল৷

পূজাৰ বতৰত যাতে সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিব নোৱাৰে তাৰ বাবে বিভিন্ন সন্দেহজনক স্থানত মহিলাসকলে চলাইছে অভিযান৷ হাতে হাতে দাং–লাঠি লৈ মহিলাসকলে অব্যাহত ৰাখিছে টহল৷ আনকি মদ বিক্ৰীৰ সম্ভেদ পালে মহিলাসকলে উপস্থিত হৈ মদ ধ্বংস অভিযানত নামি পৰা পৰিলক্ষিত হৈছে৷

পূজাৰ বতৰত মহিলাকলে ঘৰ–দুৱাৰ এৰি বিনিদ্ৰ ৰজনী পাৰ কৰা পৰিলক্ষিত হৈছে ৷ দুৰ্গোৎসৱৰ কিছু দিন পূৰ্ৱৰে পৰা মহিলাসকলে মিলি এই অভিযান অব্যাহত ৰাখিছে৷ সুস্থ সামাজিক পৰিৱেশৰ স্বাৰ্থত মহিলাসকলে নিজাববীয়াকৈ লোৱা এই প্ৰচেষ্টা স্থানীয় ৰাইজে প্ৰশংসা কৰিছে৷
Published by:Sanjay Kumar Das
First published: