সম্প্ৰতি দক্ষিণ কামৰূপৰ গৰৈমাৰী, সোণতলী, কালাতলী আদি বিভিন্ন অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ৰমৰমীয়া ড্ৰাগছৰ বেহা তথা ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা৷ ইয়াক নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী নাইবা আবকাৰী বিভাগৰ৷ যাৰ পৰিণতিত কালাতলী পথাৰ গাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা৷ ছয়গাঁও থানাৰ অন্তৰ্গত কালাতলী পথাৰ গাঁৱৰ ড্ৰাগছ সেৱনকাৰী দুই ভাই-ককাইৰ মাজত তয়াময়া কাজিয়াত কুঠাৰৰ ঘাপত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা৷ আহত মহিলাগৰাকী দুই ড্ৰাগছ সেৱনকাৰীৰ খুৰীয়েক মেহেৰা ভানু বুলি জানিব পৰা গৈছে৷
প্ৰাপ্ত বাতৰি মতে, কালাতলী পথাৰ গাঁৱৰ দুই ভাতৃ তথা ড্ৰাগছ আসক্ত আশ্ৰাফুল হক আৰু আলিবৰ হকে কিছু পৰিমাণৰ ড্ৰাগছ ক্ৰয় কৰি দুয়ো ভাগ-বটৰা কৰি আছিল৷ ভাগ-বটৰা কৰি থাকোতেই দুয়োৰে মাজত দুৰ্বাদল কাজিয়াৰ সুত্ৰপাত ঘটে৷ দুই ভাই-ককাইৰ কাজিয়া প্ৰত্যক্ষ কৰি তেওঁলোকৰে সম্পৰ্কীয় খুৰীয়েক মেহেৰা ভানু নামৰ মহিলাগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ড্ৰাগছ আসক্তদ্বয়ৰ কুঠাৰৰ ঘাপত গুৰুতৰভাৱে আহত হয়৷
ইফালে, ঘটনা সংঘটিত কৰিয়েই ৰক্তাক্ত অৱস্থাত মহিলাগৰাকীক পেলাই থৈ ড্ৰাগছ সেৱনকাৰী দুয়ো ভাই-ককাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ড্ৰাগছ আসক্তৰ কুঠাৰৰ ঘাপত কপাল, নাক আৰু শৰীৰৰ কেইবা স্থানত আঘাত পোৱা মহিলাগৰাকীৰ উদ্ধাৰ কৰি স্থানীয় ৰাইজে ততাতৈয়াকৈ স্থানীয় সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে৷
সোণতলী প্ৰাথমিক স্বাস্থ কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সম্প্ৰতি মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে৷ ইয়াৰ বিপৰীতে ড্ৰাগছ আসক্ত দুই ভাই-ককাই পলাতক অৱস্থাত আছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|