এগৰাকী নিৰ্দোষী মহিলাক NDFB সজাই গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে চিৰাং জিলাৰ ৰুণীখাটা থানাৰ অন্তৰ্গত ৩নং ছামোদিছা গাঁৱত। আনৰ ঘৰে ঘৰে কাম কৰি জীৱন নিৰ্বাহ কৰা ৰিশ্বিমা নাৰ্জাৰী নামৰ এগৰাকী মহিলাক NDFBৰ সন্দেহত আটক কৰিছে ভাৰতীয় সেনাই। ১৬ জুনত ভাৰতীয় সেনাৰ এটা দলে এঘৰৰ পথাৰত কাম কৰি থকা অৱস্থাতে আটক কৰে ৰিশ্বিমাক। মহিলাগৰাকীৰ ঘৰত পিষ্টল উদ্ধাৰ হোৱা বুলি দাবী কৰে সেনাই। কিন্তু স্থানীয় লোকে কয় যে সেনাই পৰিকল্পিতভাৱে পৰিয়ালটোৰ গোহালি ঘৰত কোনো নথকা অৱস্থাত পিষ্টল ৰাখি আটক কৰে মহিলাগৰাকীক। পিছত সেনাই মহিলাগৰাকীক গতাই দিয়ে শান্তিপুৰ আৰক্ষী চকীত। পিছলৈ শান্তিপুৰৰ পৰা ৰুণীখাটা থানালৈ স্থানান্তৰ কৰা হয় মহিলাগৰাকীক।
মাতৃক আটক কৰাৰ পিছতে তিনিদিন ধৰি থানাতে দিন–ৰাতি পাৰ কৰিছে দুই নাবালক সন্তানে। ইফালে, ৰিশ্বিমা নাৰ্জাৰীৰ বিৰুদ্ধে ৰুণীখাটা থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত ১২০(বি)/১২১/১২১(এ)/১২২ আৰ ডব্লিউ, অস্ত্ৰ আইনৰ ১২৫(আই-এ), আৰ ডব্লিউ ১০/১৩ ইউ এ চি পি ধাৰাত ৩৯/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছে।
সেনা-আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰৰ ঘটনা সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰহস্যজনকভাৱে সেনা-আৰক্ষীয়ে এই বিষয়ে কোনো ধৰনৰ তথ্য প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ সন্মুখত। আজি ৩নং ছামোদিছা গাঁৱৰ লোকসকলে মহিলাগৰাকীৰ ঘৰত একগোট হৈ ভাৰতীয় সেনা আৰু আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মহিলাগৰাকীক সেনা–আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে উগ্ৰপন্থী সজোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ গাঁওবাসীৰ।
এবছুৰ শান্তিপুৰ শাখা সমিতিৰ সভাপতি হেমন নাৰ্জাৰীয়ে কয় – মই যিহেতু স্থানীয় লোক সেয়ে এই পৰিয়ালটোৰ বিষয়ে জানো। নিৰ্দোষী মহিলাগৰাকীক দোষী সজাই সেনাই এই ঘটনা সংঘটিত কৰিছে। সেনাই নিজেই মহিলাগৰাকীৰ ঘৰত অস্ত্ৰ থৈ নাটক ৰচনা কৰি হাৰাশাস্তি কৰিছে পৰিয়ালটোক। মানৱাধিকাৰ আৰু নাবালক সন্তান দুটিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি বিনাচৰ্তে নিৰ্দোষী মহিলাগৰাকীক মোকলাই দিয়াৰ দাবী জনাইছে এবছুৱে।
![]()
প্ৰাপ্ত তথ্য অনুসৰি, গাঁওখনৰ সত্য নাৰ্জাৰী নামৰ লোকজনে জংগলৰ পৰা খৰি কাটি বা মাছ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল। কিন্ত তিনিবছৰ পূৰ্বে এদিন খৰি কাটিবলৈ গৈ নিৰুদ্দেশ হয় লোকজন। আজিপৰ্যন্ত কোনো সন্ধান নোলাল সত্য নাৰ্জাৰীৰ। আনৰ ঘৰে ঘৰে কাম কৰি তিনি সন্তানক পোহ–পাল দি আহিছে সত্য নাৰ্জাৰীৰ পত্নী ৰিশ্বিমা নাৰ্জাৰীয়ে। অভাৱ–অনাটনৰ মাজতে বিয়া দিলে ডাঙৰ জীয়ৰীক। দুই সন্তান এতিয়াও নাবালক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|