ল’ক ডাউনঃ কোলাত কণমানি সন্তান, ৮ দিন অকলশৰে খোজকাঢ়ি যোৰহাটৰ পিতৃগৃহ পালেহি এগৰাকী মহিলা

এই সাহসী মহিলাগৰাকীৰ নাম অঞ্জনা গগৈ
এই সাহসী মহিলাগৰাকীৰ নাম অঞ্জনা গগৈ
- News18 Assam
- Last Updated: April 2, 2020, 12:43 PM IST
কোলাত এটি কণমানি শিশু আৰু হাতত এটা মোনা । আপুনি বিশ্বাস কৰিবলৈ টান পালেও কোলাত কনমানি সন্তানটিক লৈ লকডাউনৰ সময়চোৱাত ৮ দিন ধৰি খোজকাঢ়ি আহি যোৰহাটৰ নিজৰ পিতৃৰ ঘৰত উপস্থিত হ’লগৈ এগৰাকী মহিলা।
এই সাহসী মহিলাগৰাকীৰ নাম অঞ্জনা গগৈ। সৰুপথাৰলৈ বিয়া হোৱা অঞ্জনাই প্ৰায় ডেৰ বছৰ পূৰ্বে হেৰুৱাইছিল স্বামীক। স্বামীগৃহত এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাত সন্তান সহ মৰিয়নিৰ হেমলাই স্থিত পিতৃগৃহলৈ যাবলৈ ওলাই আহিছিল অঞ্জনা । কিন্তু অসম তথা দেশজুৰি ঘোষণা কৰা লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল যাতায়তৰ সকলো ব্যৱস্থা । লগেলগেই অঞ্জনাই লৈছিল এই সিদ্ধান্ত । কণমানি সন্তানটিক বুকুত বান্ধি খোজকাঢ়িয়েই সৰুপথাৰৰ পৰা যোৰহাটৰ হেমলাইৰ মৰাণ গাঁৱলৈ বুলি ২৪ মাৰ্চৰ দিনা আৰম্ভ কৰিছিল যাত্ৰা। আৰম্ভ কৰিছিল জনশূণ্য পথেৰে কোলাত সন্তানটিক লৈ এশ কিলোমিটাৰতকৈয়ো অধিক দূৰত্বৰ এই যাত্ৰা ।
অৱশেষত ১ এপ্ৰিলৰ দিনা মৰিয়নিত উপস্থিত হয়গৈ মহিলাগৰাকী । দুজনমান স্থানীয় লোকে মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক মহিলাগৰাকীৰ বিষয়ে অৱগত কৰাত আৰক্ষীৰ এটি দলে সন্তান সহ অঞ্জনাক থানালৈ লৈ আনে । মহিলাগৰাকীৰ কাহিনী শুনি আচৰিত হৈ পৰে আৰক্ষীৰ। থানাত ভালদৰে খোৱাৰ ব্যৱস্থা কৰাৰ পিছত চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হয় সন্তান সহ অঞ্জনাৰ ।
আৰু অৱশেষত আৰক্ষীয়ে মৰিয়নিৰ পৰা গাড়ীৰে হেমলাইৰ পিতৃগৃহত থৈ আহেগৈ অঞ্জনা আৰু তেওৰ সন্তানটিক ।