• Home
  • »
  • News
  • »
  • assam
  • »
  • বাক্সাৰ বাৰাপেটাত বোৱাৰী নিৰ্যাতন, উন্মাদ স্বামীয়ে গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিলে অন্তঃসত্ত্বা পত্নীক

বাক্সাৰ বাৰাপেটাত বোৱাৰী নিৰ্যাতন, উন্মাদ স্বামীয়ে গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিলে অন্তঃসত্ত্বা পত্নীক

সোমবাৰে নিশাও স্বামী ভোজৰাজ দৰ্জীয়ে মদ্যপান কৰি আহি বাঁহৰ লাঠিৰে বেয়াকৈ মাৰধৰ কৰে অন্তঃসত্বা পত্নী তুলসী দৰ্জীক৷

সোমবাৰে নিশাও স্বামী ভোজৰাজ দৰ্জীয়ে মদ্যপান কৰি আহি বাঁহৰ লাঠিৰে বেয়াকৈ মাৰধৰ কৰে অন্তঃসত্বা পত্নী তুলসী দৰ্জীক৷

সোমবাৰে নিশাও স্বামী ভোজৰাজ দৰ্জীয়ে মদ্যপান কৰি আহি বাঁহৰ লাঠিৰে বেয়াকৈ মাৰধৰ কৰে অন্তঃসত্বা পত্নী তুলসী দৰ্জীক৷

  • Share this:
ৰাজ্যত পুনৰ যৌতুকৰ নামত বোৱাৰী নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈছে৷ স্বামীয়ে গুৰুলা গুৰুলকৈ মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে নৱবিবাহিতা পত্নীক৷ অৱশ্যে পত্নীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ' ল লম্পট স্বামী৷

বাক্সাৰ বাৰাপেটা নেপালীবস্তিত সংঘটিত হৈছে এই ঘটনা৷ প্ৰায় চাৰিমাহ পূৰ্বে বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত বাৰাপেটাৰ ভোজৰাজ দৰ্জী ওৰফে ৰাজু দৰ্জীয়ে প্ৰেমৰ সূত্ৰে বিবাহ কৰাই আনিছিল শোণিতপুৰ জিলাৰ ধলাবিলৰ তুলসী দৰ্জী নামৰ যুৱতীগৰাকীক৷ কিন্তু বিবাহৰ পিছৰ পৰাই স্বামী ভোজৰাজ দৰ্জীয়ে মদ্যপান কৰি আহি যৌতুক বিচাৰি নিৰ্যাতন চলাই গৈছিল নৱ বিবাহিতা পত্নী তুলসী দৰ্জীৰ ওপৰত৷

ঘটনা অনুসৰি, বিগত সোমবাৰে নিশাও স্বামী ভোজৰাজ দৰ্জীয়ে মদ্যপান কৰি আহি বাঁহৰ লাঠিৰে বেয়াকৈ মাৰধৰ কৰে অন্তঃসত্বা পত্নী তুলসী দৰ্জীক৷ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় তুলসী দৰ্জী৷ পিছত চিঞৰ–বাখৰ শুনি স্থানীয় ৰাইজ উপস্থিত হৈ স্বামীৰ হাতৰ পৰা ৰক্ষা কৰে আঘাতপ্ৰাপ্ত তুলসীক৷ ইয়াৰ পিছতে  ভুক্তভোগী তুলসী দৰ্জীয়ে স্থানীয় লাৱদাংগুৰি আৰক্ষী চকীত স্বামী ভোজৰাজ দৰ্জীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷

এজাহাৰ দাখিলৰ পিছত আৰক্ষীয়ে স্থানীয় মহিলা সমিতিৰ সহযোগত পলাতক অৱস্থাত থকা ভোজৰাজ দৰ্জীক আটক কৰি থানালৈ আনে৷ ইতিমধ্যে স্থানীয় মহিলা সমিতিয়ে একগোট হৈ পত্নী নিৰ্যাতনকাৰী স্বামীক শীঘ্ৰেই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷ উল্লেখ্য যে স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি ইয়াৰ পূৰ্বেও লম্পট ভোজৰাজ দৰ্জীয়ে এগৰাকী-দুগৰাকী নহয়, ৬ গৰাকীকৈ যুৱতীক প্ৰেমৰ জালত পেলাই বিবাহ কৰাইছিল আৰু অনুৰূপ ঘটনা সংঘটিত কৰিয়ে পূৰ্বৰ ৬ গৰাকীকৈ পত্নীক ঘৰৰ পৰা খেদি পঠিয়াইছিল বুলি অভিযোগ কৰে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি