নগাঁৱত ৰাইজে আটক কৰিলে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক
নগাঁৱত ৰাইজে আটক কৰিলে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক
মাইক্ৰ'ফাইনেন্সৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হোৱা মহিলাক ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰে বিগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। শেহতীয়াকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি অসম চৰকাৰে বহু মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋণ মুক্তিৰ বাবে চেকো প্ৰদান কৰিছে। পিছে সহজে ধন ঘটাৰ আশাত এগৰাকী মহিলাই মাইক্ৰ'ফাইনেন্সৰ (microfinance) পৰা ঋণ লৈ ড্ৰাগছৰ ব্যৱসায়ত বিনিয়োগ কৰা কাৰ্যই সকলোৰ চকু কপালত তুলিছে।
জানিব পৰা মতে, আজি নগাঁৱৰ চিলঙনিত ৰাইজে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়ে। ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন দুগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীয়ে।
আৰক্ষীৰ সন্মুখত ধৃত মহিলা ড্ৰাগছ সৰবৰাহকাৰী হাজেৰা খাতুনে দিয়া স্বীকাৰোক্তি অনুসৰি, হাজেৰাই বৃহস্পতিবাৰে বন্ধন বেংক নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা ২৫হাজাৰ টকাৰ ঋণ লৈছিল। ইয়াৰে ৫হাজাৰ টকাৰ হেৰ'ইন ক্ৰয় কৰি আজি চিলঙনিত আন দুগৰাকী মহিলাৰ সৈতে বিক্ৰীৰ বাবে আহিছিল। কিন্তু সেইসময়তে স্থানীয় ৰাইজে তেওঁক আটক কৰে। ৰাইজে মহিলাগৰাকীৰ পৰা নগদ ২হাজাৰ টকাও উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে।
উল্লেখযোগ্য যে শেহতীয়াভাৱে নগাঁৱত পুৰুষৰ সলনি মহিলাক ড্ৰাগছ সৰবৰাহত নিয়োগ কৰিছে ড্ৰাগছ মাফিয়াই। বিগত সপ্তাহটোতে নগাঁৱত ৪গৰাকীকৈ মহিলা ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। আনহাতে ড্ৰাগছৰ বাবেই জিলাখনত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|