উলংগ অৱস্থাত যোৰহাটৰ ৰাজপথত হাবাথুৰি খাই ঘূৰি ফুৰিল বলাৎকাৰৰ বলি হোৱা মহিলা, দুই ৰিক্সাচালকে কৰিছিল বলাৎকাৰ

News18 Assam | News18-Assam
Updated:June 8, 2021, 12:25 PM IST
উলংগ অৱস্থাত যোৰহাটৰ ৰাজপথত হাবাথুৰি খাই ঘূৰি ফুৰিল বলাৎকাৰৰ বলি হোৱা মহিলা, দুই ৰিক্সাচালকে কৰিছিল বলাৎকাৰ
উক্ত ঘৃণনীয় কাণ্ড সংঘটিত কৰা দুটা ৰিক্সাচালকক যোৰহাট আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

উক্ত ঘৃণনীয় কাণ্ড সংঘটিত কৰা দুটা ৰিক্সাচালকক যোৰহাট আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

  • Share this:
যোৰহাট নগৰৰ মাজমজিয়াৰ তৰাজানত এটি ৰোডৰ কাষত অৱস্থিত আমাৰ হাট নামৰ বজাৰ গৃহটোৰ ভিতৰত সোমবাৰে নিশা সংঘটিত হয় এক ঘৃণনীয় ঘটনা। নিশা প্ৰায় আঠৰ পৰা চাৰে আঠ বজাৰ ভিতৰত উক্ত বজাৰগৃহটোৰ ভিতৰত বলাৎকাৰৰ বলি হয় এগৰাকী মহিলা। উক্ত ঘৃণনীয় কাণ্ড সংঘটিত কৰা দুটা ৰিক্সাচালকক যোৰহাট আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

সোমবাৰে নিশা ৮.৩৭ বজাত যোৰহাট নগৰৰ তৰাজানস্থিত আমাৰ হাট নামৰ বজাৰখনৰ সমীপত এ টি ৰোডেৰে উলংগ অৱস্থাৰে এগৰাকী মহিলা ৰাজপথত অপ্ৰকৃতিস্থভাৱে গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে একাংশ লোকে। মহিলাগৰাকী ৰাজপথেৰে আহি সমীপৰে ফেট বেলি নামৰ ৰেষ্টুৰেণ্টখনৰ তলত পদপথত বহি পৰে। ঘটনাস্থলীত গোট খোৱা লোকে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। মহিলাগৰকী বৰুৱা চাৰিআলিৰ পৰা তৰাজান দিশে তেওঁ উঠি আহি থকা ৰিক্সাখনৰ চালকজনৰ সৈতে আন এগৰাকী লোক লগ হৈ বজাৰ গৃহটোৰ ভিতৰত বলাৎকাৰ কৰে বুলি জানিবলৈ দিছিল। সেই সময়ত মহিলাগৰাকী অপ্ৰকৃতিস্থ অৱস্থাত আছিল বুলি স্থানীয় লোকৰ মন্তব্যত প্ৰকাশ।

ঘটনাস্থলীত তৎমুহূৰ্ততে উপস্থিত হোৱা উচ্চপদস্থ আৰক্ষী বিষয়াৰ দলে আমাৰ হাট নামৰ বজাৰ গৃহটোৰ ভিতৰৰ পৰা মহিলাগৰাকীৰ কাপোৰৰ সৈতে এটা টুপি আৰু মাটিত পৰি থকা কেইটামান টকা উদ্ধাৰ কৰে। ইয়াৰ পিছতে তাৎক্ষণিকভাৱে আৰক্ষীয়ে দোষীক বিচাৰি অভিযান আৰম্ভ কৰে। সমীপৰ এটা ভৱনত থকা চিচিটিভি কেমেৰাত উক্ত ঠাইৰ পৰা নিশা ৮.৩৮ বজাত এখন ৰিক্সা বৰুৱা চাৰিআলিৰ দিশৰ পৰা আহি পুনৰ উক্ত দিশে উভটি যোৱা দেখিবলৈ পোৱা যায়।

আৰক্ষীয়ে তাৎক্ষণিক ভাৱে অভিযান চলাই ঘটনাৰ প্ৰায় দুঘণ্টা পিছতে নগৰৰ অজন্তা হলৰ সমীপৰ ভাড়াঘৰত বসবাস কৰা নগেন শইকীয়া নামৰ ৰিক্সাচালকজনক ঘটনাস্থলীৰ পৰা কিছু নিলগতে গ্ৰেপ্তাৰ কৰে। প্ৰায়ে এটা টুপি পৰিধান কৰি থকা ৰিক্সাচালকজনক  ভুক্তভোগী মহিলাগৰাকীয়ে পিছত চিনাক্ত কৰে। ধৃত নগেন শইকীয়াক জেৰা কৰাৰ অন্তত আৰক্ষীয়ে মালৌআলিৰ পৰা অৰূপজ্যোতি কলিতা নামৰ আন এটা ৰিক্সাচালককো গ্ৰেপ্তাৰ কৰে। ধৃত এই দুজন লোকেই ঘৃণনীয় ঘটনাটোৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

"ঘটনাটোৰ বিষয়ে জনাৰ পিছতে আমি তাৎক্ষণিকভাৱে আৰক্ষীৰ চাৰিটা দল বনাই পৃথকে পৃথকে অভিযান আৰম্ভ কৰো আৰু সফলতা লাভ কৰো। দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে বহুখিনি তথ্য-প্ৰমাণ আমি লাভ কৰিছো। এই ঘটনাৰ চাৰ্জশ্বিট আমি শীঘ্ৰে দাখিল কৰিম আৰু দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰ বাবে আমি সকলোধৰণে চেষ্টা কৰিম।", যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এনেদৰে কয়।

অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে লকডাউন অব্যাহত থকা সময়ত উক্ত মহিলাগৰাকী কি পৰিস্থিতিত নিশা এনেদৰে ৰিক্সাত যাব লগা হ’ল আৰু এনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগা হল। একাংশ লোকে অপ্ৰকৃতিস্থ হৈ থকা মহিলাগৰাকীৰ শৰীৰত সেই সময়ত সুৰাৰ গোন্ধ পাইছিল। অৱশ্যে এই সকলো কথাৰ আঁৰৰ প্ৰকৃত তথ্যসমূহ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব। আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে যদিও সমগ্ৰ ঘটনাটোৰ ওপৰত পুংখানুপুংখ অনুসন্ধান আৰম্ভ কৰিছে।

ফুট গধূলিতে যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত এই ঘৃণনীয় কাণ্ডক কোনেও সহজভাৱে ল’ব পৰা নাই। মহিলাগৰাকী প্ৰকৃততে ক’ৰ পৰা ক’লৈ গৈ আছিল, লকডাউনৰ সময়ছোৱাত কি কামৰ বাবে ওলাই আহিছিল, ৰিক্সাচালক কেইটা প্ৰায়ে এনেধৰণৰ অপৰাধ সংঘটিত কৰাৰ বাবে সুযোগৰ অপেক্ষাত থাকে নেকি – এনেধৰণৰ কিছু প্ৰশ্নৰ উত্তৰৰ মাজতে এই ভয়ংকৰ কাণ্ডৰ আঁৰৰ আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: June 8, 2021, 12:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি