মহিলা মদ ব্যৱসায়ীক বেশ্যা বৃত্তি গ্ৰহণ কৰিবলৈ কোৱা মহিলা কনিষ্টবলৰ ৰিজাৰ্ভ ক্ল'জ।অভয়াপুৰীত আৰক্ষী আৰু আৱকাৰী বিভাগে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে মহিলা কনিষ্টবলে এগৰাকী জনজাতীয় মহিলাক উদ্দেশ্য়ি কৰিছিল এই অশ্লীল মন্তব্য।
ঘটনা অনুসৰি, শুকুৰবাৰে বামুণগাঁও প্ৰথম আৰু দ্বিতীয় খণ্ডৰ লগতে দেওহাটীৰ বেটলিয়ন গেট আদি স্থানত আৰক্ষী আৰু আৱকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে যৌথ অভিযান চলাইছিল। অভিযানৰ মাজতে এগৰাকী মহিলা মদৰ ব্যৱসায়ীক উদ্দেশ্যি চূড়ান্ত অশোভনীয় মন্তব্য কৰে মহিলা কনিষ্টবলগৰাকীয়ে।
মহিলা কনিষ্টবলজনৰ ভাবুকি 'মুখ চম্ভালি কথা ক’বি ৷ চুলিত ধৰি চোচৰাই লৈ যাম ৷ বেশ্যা ক’ৰ , বেশ্যা কৰিলে বহুত টকা হ’ব ৷ ' মহিলা আৰক্ষী এগৰাকীয়ে মদ ব্যৱসায়ী গৰাকীক কৰা এই মন্তব্য ছচিয়েল মিডিাত মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে। লগে লগে সৰ্ৱত্ৰ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।
আৰু এতিয়া জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই মহিলা কনিষ্টবল পলি কলিতাৰ তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। আনহাতে ঘটনাৰ তদন্ত কৰাৰ বাবে আৰক্ষী বিষয়া লুনা সোণোৱালক নিৰ্দেশ দিয়া বুলিও আৰক্ষী অধীক্ষকজনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 07, 2021, 12:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।