জোণমণি ৰাভা মাজুলী জিলাত কৰ্মৰত হৈ থকা সময়তে ৰাণাই নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি আঙঠি পিন্ধাইছিল।
জোণমণি ৰাভা মাজুলী জিলাত কৰ্মৰত হৈ থকা সময়তে ৰাণাই নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি আঙঠি পিন্ধাইছিল।
নিজকে অ'এনজিচিৰ চাকৰিয়াল বুলি পৰিচয় দি মহিলা আৰক্ষী বিষয়াৰে প্ৰেমৰ সম্পৰ্ক গঢ়া ৰাণা প'গাগ নামৰ এটা হাই প্ৰফাইল প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। মাজুলীৰ এই যুৱকজনে নগাঁও সদৰ আৰক্ষী থানাত কৰ্মৰত মহিলা উপ-পৰিদৰ্শক জোণমণি ৰাভাৰ সৈতে এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।
জোণমণি ৰাভা মাজুলী জিলাত কৰ্মৰত হৈ থকা সময়তে ৰাণাই নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি আঙঠি পিন্ধাইছিল। কিন্তু ৰাণা প'গাগ নামৰ যুৱকজনক প্ৰকৃতাৰ্থত এগৰাকী হাইপ্ৰফাইল প্ৰৱঞ্চকৰূপে চিনাক্ত কৰে জোনমণিয়ে। বহু ব্যক্তিৰ পৰা চাকৰি দিয়াৰ নামত ধন সৰকাইছিল ৰাণাই।
বহু লোকক প্ৰৱঞ্চনা কৰা ৰাণাৰ বিষয়ে জানিব পাৰি সোমবাৰে ৰাণা প'গাগক আৱদ্ধ কৰি নগাঁও আৰক্ষীক গতাই দিয়ে জোণমণি ৰাভা নামৰ বিষয়াগৰাকীয়ে। আৰক্ষীয়ে জোণমণিৰ এজাহাৰৰ ভিত্তিত ৰাণাক গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে জিম্মাত লৈছে। ৰাণা প'গাগৰ পৰা আৰক্ষীয়ে অ'এনজিচিৰ বহু নকল ছীল-মোহৰ জব্দ কৰিছে। উল্লেখযোগ্য যে, পূৰ্বে বিজেপিৰ এগৰাকী বিধায়কক ধমক দি সামাজিক মাধ্যমত চৰ্চিত হৈছিল জোনমণি ৰাভা নামৰ মহিলা আৰক্ষী বিষয়াগৰাকী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|