মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে এগৰাকী মহিলা পঞ্চায়ত প্ৰতিনিধিয়ে। বিধায়কগৰাকীৰ বিৰুদ্ধে মৰিয়নি সমষ্টিৰ অন্তৰ্গত কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ নিতুমনি ফুকন নামৰ সভানেত্ৰীগৰাকীয়ে তুলিছে কেইবাটাও গুৰুত্ব অভিযোগ।বিজেপি দলৰ দখলত থকা পঞ্চায়তটোৰ সভানেত্ৰীগৰাকীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মানসিক নিৰ্যাতন, হাৰাশাস্তি, ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে।
বিতৰ্কিত মন্তব্য আৰু কৰ্ম কাণ্ডৰে প্ৰায় সংবাদ শিৰোনাম দখল কৰা মৰিয়নিৰ বহুবল্কী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধাৰাবাহিক ভাৱে মানসিক নিৰ্যাতন, ভয়, ভাবুকি প্ৰদান কৰি অহা বুলি অভিযোগ কৰিছে নিতুমনি ফুকনে। আনহাতে ৰূপজ্যোতি কুৰ্মীয়ে পঞ্চায়তখনৰ বিভিন্ন উন্নয়ন মূলক কামত অনাহকত হস্তক্ষেপ কৰাৰো অভিযোগ উত্থাপন কৰিছে পঞ্চায়ত সভানেত্ৰী নিতুমনি ফুকনে।
বিধায়ক কূৰ্মীয়ে পঞ্চায়ত সভানেত্ৰী গৰাকীৰ ব্যক্তিগত বিষয় ৰাজহুৱা সভাত আলোচনা কৰি ৰাইজৰ আগত হেয় প্ৰতিপন্ন কৰিব বিচৰা বুলিও অভিযোগ কৰে। সভানেত্ৰী নিতুমনি ফুকনে সাংবাদিকৰ আগত কয় "মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মোৰ প্ৰতিটো কামতে হস্তক্ষেপ কৰি মোৰ ওপৰত মানসিক নিৰ্যাতন চলাই আহিছে।মই পঞ্চায়ত খনত কৰা উন্নয়নমুল কামবোৰ তেওঁ আহি সদায় খেলিমেলি কৰিবলৈ চেষ্টা কৰে।ৰাজহুৱা স্থানত মোৰ ব্যক্তিগত বিষয় আলোচনা কৰে। মই এগৰাকী মহিলা প্ৰতিনিধি বাবে তেওঁ মোক এনে ব্যৱহাৰ কৰিছে নেকি? বিধায়ক গৰাকীৰ এনে কাৰ্যই মোক বহুত দুখ দিছে"।
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মহিলা পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে উত্থাপন কৰা মানসিক নিৰ্যাতনৰ অভিযোগে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এই পৰ্যন্ত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 16, 2021, 13:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।