• Home
  • »
  • News
  • »
  • assam
  • »
  • যৌতুকৰ বাবেই ৰঙিয়াত প্ৰাণ গ’ল এগৰাকী বোৱাৰীৰ! দীৰ্ঘদিন ধৰি স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ

যৌতুকৰ বাবেই ৰঙিয়াত প্ৰাণ গ’ল এগৰাকী বোৱাৰীৰ! দীৰ্ঘদিন ধৰি স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ

যৌতুক দাবী কৰি পত্নীক প্ৰায়ে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে।

যৌতুক দাবী কৰি পত্নীক প্ৰায়ে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে।

যৌতুক দাবী কৰি পত্নীক প্ৰায়ে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে।

  • Share this:
    ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিল ৰঙিয়াৰ শিঙৰীয়া অঞ্চল। তিনি বছৰীয়া সন্তানৰ মাতৃ ৰীমা দাসক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ স্বামী জিতু দাসৰ বিৰুদ্ধে। স্বামীয়ে দিৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহাৰ অভিযোগ।

    যৌতুক দাবী কৰি পত্নীক প্ৰায়ে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে স্বামীৰ বিৰুদ্ধে। যৌতুকৰ নামত দাবী কৰা ধন দিব নোৱাৰাৰ বাবে মঙলবাৰে উপৰ্যুপৰি আক্ৰমণ চলালে পত্নীক। পত্নীক আক্ৰমণ কৰাৰ কিছুসময় পিছতে পত্নী ৰীমাৰ মৃতদেহ উদ্ধাৰ হ’ল ঘৰৰ ভিতৰত। ৰহস্যজনক অৱস্থাত ফেনত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় ৰীমাৰ মৃতদেহ। তাৰ পিছতে ৰীমা দাসৰ মাতৃ পৰিয়ালৰ লোকসকল আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মাতৃ পৰিয়ালৰ অভিযোগ, হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব চেষ্টা কৰিছে স্বামীয়ে। নাইবা আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে ৰীমাক।

    ইয়াৰ পিছতে ন্যায় বিচাৰি ৰঙিয়া থানাত ভিৰ কৰে মাতৃ পৰিয়ালৰ লোকসকলে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বোৱাৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়াত।
    Published by:Sanjay Kumar Das
    First published: