পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে।
পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে।
ৰাজ্যত পুনৰ জঘন্য হত্যাকাণ্ড। এগৰাকী গৰ্ভৱতী মহিলাক চোকা অস্ত্ৰৰে হানি–খুচি হত্যা। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত পূব মৰাগদাধৰ চৰ গাঁৱত এই জঘন্য হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। সোমবাৰে নিশা এগৰাকী তিনিমহীয়া গৰ্ভৱতী মহিলাক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰি মৰাপাট খেতিৰ মাজত পেলাই থয়। পুৱা স্বামী লাল চান্দ আলীয়ে ঘৈনীয়েকক দেখা নাপাই বিচাৰ খোচাৰ কৰি মৰাপাট খেতিৰ মাজত পত্নী ৰহমতি খাতুনৰ মৃতদেহ উদ্ধাৰ কৰে।
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। হত্যাৰ বলি হোৱা গৰ্ভৱতী মহিলা ৰহমতি খাতুনে লাল চান্দৰ লগত মাত্ৰ দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বুলি জানিব পৰা গৈছে ।
গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, অতি অমায়িক, সহজ–সৰল আছিল ৰহমতি খাতুন। পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে। হত্যাৰ সন্দেহত ৰাইজে কৰায়ত্ত কৰে মৃত ৰহমতি খাতুনৰ ভাই শহুৰ মূকবধিৰ জহিৰুল আলীক। জহিৰুল আলীয়ে পলাই যাবলৈ চেষ্টা কৰিছিল যদিও ওচৰতে থকা গংগাধৰ নদীৰ পাৰৰ পৰা ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।
হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে ৰহমতি খাতুনৰ ভাই শহুৰ মূকবধিৰ জহিৰুল আলীক আটক কৰাৰ লগতে ৰহমতি খাতুনৰ স্বামী লালচান আলীক ঘটনা সংক্ৰান্তত আটক কৰি সোধা–পোছাৰ বাবে থানালৈ আনে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|