• Home
  • »
  • News
  • »
  • assam
  • »
  • ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত চাঞ্চল্যকৰ ঘটনা, বোৱাৰীৰ দাৰ ঘাপত নিহত বনকৰা কিশোৰীৰ মাতৃ

ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত চাঞ্চল্যকৰ ঘটনা, বোৱাৰীৰ দাৰ ঘাপত নিহত বনকৰা কিশোৰীৰ মাতৃ

আঘাতপ্ৰাপ্ত শাহু সুশীলা বড়ো আৰু কাম কৰা ছোৱালী শিৱানী ৰাভা। হত্যাকাৰীৰ বোৱাৰী উত্তৰা বড়োক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে।

  • Share this:
ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত চাঞ্চল্যকৰ ঘটনা। বোৱাৰীৰ দাৰ ঘাপত নিহত কাম কৰা ছোৱালীৰ মাতৃ। আঘাতপ্ৰাপ্ত শাহু সহিতে কাম কৰা ছোৱালীজনীও। নিহত মহিলাগৰাকী প্ৰতিভা ৰাভা (৫৫)। ঘৰ পলাশবাৰীৰ ৰাজাপাৰাত। আঘাতপ্ৰাপ্ত শাহু সুশীলা বড়ো আৰু কাম কৰা ছোৱালী শিৱানী ৰাভা। হত্যাকাৰীৰ বোৱাৰী উত্তৰা বড়োক গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে।

পাৰিবাৰিক কন্দলৰ বাবে পৰিকল্পিত আক্ৰমণ উত্তৰা বড়োৰ। কৰ্মসূত্ৰে স্বামী অশোক কুমাৰ বড়োৰ সৈতে উত্তৰা বড়ো থাকে গুৱাহাটীৰ ৰূপনগৰত। কালি গোপনে হত্যাকাৰী উত্তৰা বড়ো আহে স্বামীগৃহলৈ। পুৱা জধে-মধে দাৰে আক্ৰমণ চলাই উত্তৰা বড়োই। আঘাতপ্ৰাপ্ত শাহু সুশীলা বড়ো আৰু কাম কৰা ছোৱালী শিৱানীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰায় দহ বছৰে ঘৰখনত কাম কৰা ছোৱালী হিচাপে আছে শিৱানী বড়ো। নিহত প্ৰতিভা ৰাভা তিনিদিন পূৰ্বে কন্যা শিৱানীৰ খবৰ লবলৈ আহিছিল নিজ বগাইলৈ। হত্যাকাৰীৰ উত্তৰা বড়োই আক্ৰমণ কৰা দাখন পেলাই দিয়ে এটা পুখুৰীত। পলায়ন কৰিব বিচৰা উত্তৰা বড়োক ৰাইজে ধৰি গতাই দিয়ে আৰক্ষীক। সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষী তদন্ত অব্যাহত।
Published by:Sanjay Kumar Das
First published: