নগাঁও জিলা জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজ বোৱাৰীৰ হাতত প্ৰাণ গল শাহুৱেকৰ। মঙলবাৰে বিয়লি জাজৰিৰ মণিপুৰ গাঁৱত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। আৰক্ষী সূত্ৰে জানিব পৰা মতে, বোৱাৰী চামচুল নেহাই চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি হত্যা কৰে শাহুৱেক চফিয়া খাতুনক।
নিজ বোৱাৰীয়েকে শাহুৱেকক মূৰত আঘাত কৰাৰ ফলতেই মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। পিছত ঘাতক বোৱাৰীগৰাকীক স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘাতক বোৱাৰী চামচুল নেহাক আটক কৰে। নিজ বোৱাৰীৰ হাতত শাহুৱেকে মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 29, 2022, 09:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|