ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১নং গেৰুৱাজুলিত সংঘটিত হৈছে এই ঘটনা৷
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১নং গেৰুৱাজুলিত সংঘটিত হৈছে এই ঘটনা৷
ৰাজ্যত পুনৰ অন্ধবিশ্বাসৰ বলি হ’বলগীয়া হ’ল এগৰাকী মহিলা৷ ডাইনী সন্দেহত ৫৩ বছৰীয়া এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰি মৃতদেহটো হাবিৰ মাজত পুতি থয় হত্যাকাৰীয়ে৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১নং গেৰুৱাজুলিত সংঘটিত হৈছে এই ঘটনা৷
চাৰিটা সন্তানৰ মাতৃ তথা বিধৱা লক্ষেশ্বৰী দৈমাৰী নামৰ মহিলাগৰাৰীক হত্যা কৰি হাবিৰ মাজত গোপনে পুতি থয় হত্যাকাৰীয়ে। শনিবাৰে নিশা প্ৰায় ১১ মান বজাত মহিলাগৰাকীৰ বাসগৃহত দুৰ্বৃত্তৰ এটা দলে প্ৰৱেশ কৰি লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে৷ হত্যাকাণ্ড সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোৱে মৃতদেহটো এক কিলোমিটাৰ দূৰত থকা এখন হাবিৰ মাজত গাঁত খান্দি নিশাই পুতি থয়৷।
দুৰ্বৃত্তই মহিলাগৰাকীৰ নাতি মোহিত দৈমাৰীকো হাত–ভৰি বান্ধি হত্যা কৰাৰ চেষ্টা চলাইছিল যদিও কথমপি প্ৰাণ ৰক্ষা পৰে। পুৱা স্থানীয় ৰাইজে মহিলাগৰাকীৰ নাতি মোহিতক হাত–ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহে। স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াৰ লগতে মহিলাগৰাকীক গাঁওখনত বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল।
অৱশ্যে বহু সময়ৰ পিছত আৰক্ষী আৰু ৰাইজে মহিলা গৰাকীৰ মৃতদেহটো প্ৰায় এক কিলোমিটাৰ দূৰৈৰ এখন হাবিৰ মাজত উদ্ধাৰ কৰে। চাৰিদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অদিতি গগৈৰ উপস্থিতিত মৃতদেহটো খান্দি উলিওৱা হয়। ৰাইজে মহিলাগৰাকীক ডাইনী সন্দেহত হত্যা কৰা বুলি সন্দেহ কৰিছে। ইয়াৰ পূৰ্বেও মহিলাগৰাকীক ডাইনী সন্দেহ কৰি বিভিন্ন অত্যাচাৰ কৰিছিল বুলি একাংশ লোকে জানিবলৈ দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|