Sonari Murder : সোণাৰিত স্বামী আৰু শাহুৱে মিলি হত্যা কৰিলে বোৱাৰীক, আত্মহত্যাৰ ৰূপ দিবলৈ কীটনাশক দেহত ছটিয়ালে কীটনাশক!

বিয়াৰ পিছৰে পৰা স্বামী তথা স্বামীৰ পৰিয়ালে অনিতাৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।
বিয়াৰ পিছৰে পৰা স্বামী তথা স্বামীৰ পৰিয়ালে অনিতাৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।
- News18 Assam
- Last Updated: April 6, 2021, 6:36 AM IST
বােৱাৰীগৰাকীৰ পিতৃগৃহই অভিযােগ কৰা মতে, সোমবাৰে পুৱা প্রায় ৭ বজাত স্বামী ৰণ্টুৱে ফোন কৰি জনায় যে তেওঁলােকৰ কন্যা পাগল হৈছে গতিকে তাইক পিতৃগৃহই লৈ আনিব লাগে আৰু তেনেতে অনিতাই কান্দি কান্দি 'মােক গােটেই ৰাতি মাৰিছে' বুলি কোৱা শুনিবলৈ পাই আৰু ফোন কাটি দিয়ে। ইয়াৰ পিছতেই দিনৰ প্রায় ৯ বজাত অনিতাৰ ভাতৃয়ে জানিব পাৰে যে অনিতাৰ মৃত্যু হৈছে।
ইয়াৰ পিছতেই পিতৃ জয় বাক্তিয়ে কন্যাৰ ৰণ্টু সিং আৰু শাহু বীণা সিং ৰাজপুৰ বিৰুদ্ধে সােণাৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ আৰু ৩৪ ধাৰাত অধীনত সােণাৰি আৰক্ষী থানাত ৬৭/২০২১ নম্বৰত এটা গােচৰ ৰুজু কৰি চৰাইদেউ আদালতত হাজিৰ কৰাত আদালতে ৰণ্টু সিঙক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।