হাইলাকান্দি জিলাত সংঘটিত হৈছে এক নৃশংস ঘটনা। নাতিয়েকে হত্যা কৰিলে নিজৰ আইতাকক। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ৰায়পাড়া গাঁৱত এই ঘটনা সংঘটিত হৈছে। নিহত বয়োবৃদ্ধাগৰাকীৰ নাম তৰলা বালা দাস।
কিছুদিন পূৰ্বে ৭০ বছৰীয়া তৰলা বালা দাস নিজৰ বিবাহিত কন্যা অনিমা ৰায়ৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। কন্যাৰ ঘৰত অহাৰ পিছৰ পৰাই নাতিয়েক মনোজ ৰায়ৰ লগতে সৰু–সুৰা বিষয়ত মতবিৰোধ হৈছিল বয়োবৃদ্ধাগৰাকীৰ। মঙলবাৰে সন্ধিয়া বিছনাত শুবলৈ যাওঁতে মনোজক বাধা প্ৰদান কৰিছিলে আইতাক তৰলা বালা দাসে। আৰু ইয়াতেই ক্ষোভত অগ্নিশৰ্মা হৈ উঠে মনোজ ৰায়। আৰু ঘৰৰ পৰা পাচলি কটাত ব্যবহৃত দা লৈ আহি পিছফালৰ পৰা ঘপিয়াই হত্যা কৰে আইতাক তৰলা বালা দাসক।
দাৰ শব্দ শুনি পৰিয়ালৰ আন সদস্যসকল দৌৰি আহে যদিও জীৱন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল বৃদ্ধা তৰলা বালাৰ। ঘটনাৰ পিছতে আলগাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দিৰ এছচ কে ৰায় অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে।
ইপিনে, ঘটনাৰ পিছতে আৰক্ষীয়ে নিজ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নাতিয়েক মনোজ ৰায়ক। কিন্তু হত্যাকাৰী মনোজৰ পৰিয়ালৰ লোকে তাক মানসিক ভাৰসাম্যহীন বুলি দাবী কৰিছে।
Published by: Sanjay Kumar Das
First published: August 18, 2021, 08:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|