গোলাঘাটৰ ফৰকাটিং বাগিচাত বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এগৰাকী মহিলা। আঘাতপ্ৰাপ্ত মহিলাগৰাকী ফৰকাটিং বাগানৰ ভনি মৃৰ্দ্ধা৷ পুৱা মহিলাগৰাকী বাগানলৈ খৰি বিচাৰি যাওঁতেই হঠাৎ বাঘটোৱে আক্ৰমণ কৰে মহিলাগৰাকীক৷
ঘটনাস্থলীত মহিলাগৰাকীৰ স্বামী উপস্থিত হৈ বাঘটো খেদি পঠিয়াবলৈ সক্ষম হয়৷ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক লগে লগেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ বৰ্তমান আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ অৱস্থা কিছু উন্নত হৈছে৷
বৰ্তমান ফৰকাটিং চাহ বাগিচাখনতেই বাঘটোৱে অৱস্থান কৰি থকাৰ সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ কেইবাটাও স্থানত ইতিমধ্যে বাঘৰ উপদ্ৰৱৰ বাবে যথেষ্ট শংকিত হৈছে স্থানীয় লোকসকল৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 19, 2023, 16:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।