• Home
  • »
  • News
  • »
  • assam
  • »
  • হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা, ১৫০০ টকাৰ বাবেই ৫ যুৱকৰ বিৰুদ্ধে ভুৱা দলবদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ, ঘটনাৰ আঁৰৰ দুই যুৱকক গ্ৰেপ্তাৰ

হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা, ১৫০০ টকাৰ বাবেই ৫ যুৱকৰ বিৰুদ্ধে ভুৱা দলবদ্ধ ধৰ্ষণৰ গোচৰ মহিলাৰ, ঘটনাৰ আঁৰৰ দুই যুৱকক গ্ৰেপ্তাৰ

যোৱ‍া ২৮ মে’ত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীত ৰজু হৈছিল এটা দলবদ্ধ ধৰ্ষণৰ গোচৰ। এগৰাকী মহিলাই ৫জন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।

যোৱ‍া ২৮ মে’ত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীত ৰজু হৈছিল এটা দলবদ্ধ ধৰ্ষণৰ গোচৰ। এগৰাকী মহিলাই ৫জন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।

যোৱ‍া ২৮ মে’ত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীত ৰজু হৈছিল এটা দলবদ্ধ ধৰ্ষণৰ গোচৰ। এগৰাকী মহিলাই ৫জন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।

  • Share this:
ব্যক্তিগত আক্ৰোশৰ ফলতে অৰ্থৰ প্ৰলোভন দি ভুৱা গোচৰ কৰাই ৰঙাঘৰৰ আলহী হ’ল দুই যুৱক। হাইলাকান্দি জিলাৰ লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিজাম উদ্দিন বড়ভূঞা  আৰু আলতাফ হুছেইন লস্কৰ নামৰ এই দুই যুৱকক। ১৫০০ টকাৰ বিনিময়ত এগৰাকী মহিলাক প্ৰলোভিত কৰি ৫ গৰাকী যুৱকৰ বিৰুদ্ধে ভুৱা ধৰ্ষণৰ গোচৰ ৰুজু কৰাইছিলে এই দুই যুৱকে।

যোৱ‍া ২৮ মে’ত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীত ৰজু হৈছিল এটা দলবদ্ধ ধৰ্ষণৰ গোচৰ। এগৰাকী মহিলাই ৫জন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। হাইলাকান্দি চহৰৰ পৰা লালালৈ যোৱাৰ পথত আয়নাখাল অঞ্চলত দলবদ্ধ ধৰ্ষণৰ চিকাৰ হৈছিল বুলি উল্লেখ কৰিছিলে মহিলাগৰাকীয়ে।

কিন্তু গোচৰ ৰজু কৰাৰ পিছত আৰক্ষীয়ে তেওঁৰ বিস্তাৰিত মন্তব্য গ্ৰহণ কৰাৰ সময়ত ঘটিল বিপত্তি। মহিলাগৰাকীয়ে হঠাতে নিজৰ পূৰ্বৰ বিবৃতিৰ পৰা ইউ-টাৰ্ণ লৈ ধৰ্ষণ হোৱ‍া নাই বুলি মন্তব্য কৰে। আৰক্ষীয়ে মহিলাগৰাকীক আদালতত হাজিৰ কৰোৱাত আদালততো ধৰ্ষণ হোৱা নাই বুলি জনায় মহিলাগৰাকীয়ে। লগতে নিজাম উদ্দিন বড়ভূঞা আৰু আলতাফ হুছেইন লস্কৰ নামৰ দুই যুৱকৰ কথাত এই ভুৱা গোচৰ ৰজু কৰাৰ কথাও আদালতক জনায় মহিলাগৰাকীয়ে।

ন্যায়ালয়ে তেতিয়া এই দুই যুৱকক কৰায়ত্ব কৰিবলৈ লালা আৰক্ষীক নিৰ্দেশ দিয়ে। আৰু আৰক্ষীয়ে যোৱ‍ানিশা অভিযুক্ত আলতাফ হুছেইনক আৰু আজি পুৱা নিজাম উদ্দিন বড়ভূঞাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইপিনে, গ্ৰেপ্তাৰ হোৱা আলতাফ হুছেইনে নিজক নিৰ্দোষী বুলি দাবী কৰি এই সকলো নিজাম উদ্দিনৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে। লগতে মাত্ৰ ১৫০০ টকাৰ বিনিময়ত মহিলাগৰাকীয়ে এই ভুৱা গোচৰ তৰিছে বুলিও মন্তব্য কৰে ধৃত আলতাফ হুছেইনে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি