• Home
  • »
  • News
  • »
  • assam
  • »
  • শক্তি বিভাগৰ নাভূত–নাশ্ৰুত কাণ্ড, বিদ্যুৎ সংযোগ নোলোৱা মহিলালৈ প্ৰেৰণ কৰিলে ৩৫,৫৭৯ টকাৰ বিল

শক্তি বিভাগৰ নাভূত–নাশ্ৰুত কাণ্ড, বিদ্যুৎ সংযোগ নোলোৱা মহিলালৈ প্ৰেৰণ কৰিলে ৩৫,৫৭৯ টকাৰ বিল

গোসাঁইগাঁও বিদ্যুৎ উপ–সংমণ্ডলৰ চৰম গাফিলতিৰ ফলত বিদ্যুৎ সংযোগ নথকা মিনতি সাহা নামৰ দৰিদ্ৰ বিধৱা মহিলাগৰাকীৰ নামত আহিল ৩৫,৫৭৯ টকাৰ বিল।

  • Share this:
শক্তি বিভাগৰ মইমতালি নতুন কথা নহয়। তেনে এক ঘটনা সংঘটিত হ’ল গোসাঁইগাঁৱত। কোনো নথকা এগৰাকী দৰিদ্ৰ বিধৱা মহিলালৈ শক্তি বিভাগে প্ৰেৰণ কৰিলে শকত পৰিমাণৰ বিজুলী বিল। উপায়বিহীন অসহায় মহিলাগৰাকীয়ে কান্দি কান্দি বিদ্যুৎ বিল মাফ কৰাৰ আহ্বান জনালে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত।

গোসাঁইগাঁও বিদ্যুৎ উপ–সংমণ্ডলৰ চৰম গাফিলতিৰ ফলত বিদ্যুৎ সংযোগ নথকা মিনতি সাহা নামৰ দৰিদ্ৰ বিধৱা মহিলাগৰাকীৰ নামত আহিল ৩৫,৫৭৯ টকাৰ বিল। এই ঘটনা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বিদ্যুৎ উপ–সংমণ্ডলৰ অন্তৰ্গত ফাইলাগুৰি দ্বিতীয় খণ্ড গাঁৱৰ।

মিনতি সাহা নামৰ বেলেগৰ ঘৰত কাম কৰি খোৱা একেবাৰে দৰিদ্ৰ বিধৱা মহিলাৰ নামত  বিদ্যুৎ বিল আহিল ৩৫,৫৭৯ টকা। বিদ্যুতৰ বিল পাই মহিলাগৰাকী কান্দোনত ভাগি পৰিল। কাৰণ মহিলাগৰাকীৰ ঘৰত বিদ্যুৎ সংযোগ নথকাৰ পিছতো বিল কেনেকৈ আহিল?

মানুহৰ ঘৰত কাম কৰি কোনোমতে নিজৰ পেটৰ ভাতমুঠি যোগাৰ কৰা মিনতি সাহাৰ স্বামী বহুদিন পূৰ্বেই মৃত্যু হৈছে। মিনতি সাহাৰ দুজনী ছোৱালী ইতিমধ্যে বিয়া দিয়া হৈছে। এনে অৱস্থাত শক্তি বিভাগৰ কৰ্মচাৰীৰ টোগলকী কাণ্ডৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে মিনতিয়ে।
Published by:Sanjay Kumar Das
First published: