কইনাধৰাত পুৰণি স্মৃতি ৰোমন্থন কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। বিশ্বনাথৰ মিজিকাজান চাহ বাগিচাৰ ৰুক্মিণীয়ে ৰাষ্ট্ৰপতিগৰাকীক মনত পেলাই দিলে পুৰণি বহু স্মৃতি। ৰাষ্ট্ৰপতিৰ হাতত ৰুক্মিণীয়ে তুলি দিলে স্মৃতিৰ সঁফুৰা।
সেয়া আছিল ২০০৬ চনৰ কথা। বিধায়িকা হৈ থাকোতে নিৰ্বাচনী প্ৰচাৰৰ বাবে ওড়িশাৰ পৰা অসমলৈ আহিছিল দ্ৰৌপদী মুৰ্মু। বিশ্বনাথৰ মিজিকাজান চাহ বাগিচাত ৭ দিন কটাই গৈছিল দ্ৰৌপদী মুৰ্মুৱে। সেই সময়ত ৰুক্মিণী কিষাণৰ ঘৰতে আছিল দ্ৰৌপদী মূৰ্মু।
তেতিয়া দ্ৰৌপদী মূৰ্মুৰ সৈতে দিনে–নিশাই ছাঁটোৰ দৰে আছিল সেই সময়ৰ যুৱতী ৰুক্মিনী কিষাণ। তেতিয়াৰে পৰা দ্ৰৌপদী মুৰ্মুৰ সৈতে আছিল নিয়মীয়া যোগাযোগ। ঝাৰখণ্ডৰ ৰাজ্যপাল হৈ থকা পৰ্যন্ত দ্ৰৌপদী মুৰ্মুৰ সৈতে যোগাযোগত আছিল ৰুক্মিণী। সেইগৰাকী ৰুক্মিণীয়ে আজি সাক্ষাৎ কৰিলে তেতিয়াৰ বিধায়িকা আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক।
আজি ১৬ বছৰৰ পিছত কইনাধৰাত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিলে ৰুক্মিণী কিষাণে। সুঁৱৰিলে পুৰণি স্মৃতি। ৰুক্মিণীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে ১৬ বছৰ আগতে উঠা এখন ফটো। ৰাষ্ট্ৰপতিয়েও কুশল মংগল বাৰ্তা ল’লে ৰুক্মিণী কিষাণৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|