নকল নম্বৰ প্লেট ব্যৱহাৰ কৰি অভিযুক্ত মহিলাগৰাকীয়ে আৰক্ষীৰ চকুত ধুলি দিব বিচাৰিছিল।
নকল নম্বৰ প্লেট ব্যৱহাৰ কৰি অভিযুক্ত মহিলাগৰাকীয়ে আৰক্ষীৰ চকুত ধুলি দিব বিচাৰিছিল।
উদ্যোগপতি ৰতন টাটাৰ গাড়ীৰ নম্বৰ প্লেট ব্যৱহাৰ কৰি বিপদত পৰিল এগৰাকী মহিলা। ঘটনাটো মুম্বাইৰ। আমোদজনক কথাটো হ’ল মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা গাড়ীৰ নম্বৰটোৰ সৈতে একেই দেশৰ সুপৰিচিত, সন্মানীয় উদ্যোগপতি ৰতন টাটাৰ গাড়ীৰ নম্ৱৰ।
মহিলাগৰাকীয়ে ট্ৰাফিক নিয়ম উলংঘা কৰাৰ সময়তে বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হয়। ফলত জৰিমনাৰ বাবে এখন চালান গাড়ীৰ পঞ্জীয়নভুক্ত নম্বৰলৈ প্ৰেৰণ কৰা হয়। কিছুদিন পূৰ্বে মুম্বাই আৰক্ষীৰ পৰা এখন চালান পঠোৱা হয় ৰতন টাটাৰ কাৰ্যালয়লৈ।
বিষয়টোক লৈ যেতিয়া চৰ্চা হ’ল, তেতিয়া দেখা গ’ল যে যি স্থানত গাড়ীখনৰ চালা কটা হৈছিল, সেই স্থানত কেতিয়াও ৰতন টাটাৰ গাড়ী যোৱাই নাই। প্ৰতাৰণাৰ ঘটনাটো দৃষ্টিগোচৰ কৰি ৰতন টাটাৰ কাৰ্যালয়ৰ পৰা আৰক্ষীক অবৈধভাৱে গাড়ীৰ নম্বৰ প্লেট ব্যৱহাৰৰ কথা জনোৱা হয়। আৰক্ষীৰ তদন্তত ওলাল যে দুখন গাড়ীৰ নম্বৰ একেই। নকল নম্বৰ প্লেট ব্যৱহাৰ কৰি অভিযুক্ত মহিলাগৰাকীয়ে আৰক্ষীৰ চকুত ধুলি দিব বিচাৰিছিল। আৰক্ষীয়ে গাড়ীখন জব্দ কৰে। মহিলাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে প্ৰতাৰণাৰ গোচৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|