হাজোত পুনৰ সংঘটিত হৈছে আন এগৰাকী বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা। হাজোৰ ৰামদিয়াৰ সস্তাৰঘাটত সংঘটিত হোৱা নাজমিন নেহাৰ নামৰ বোৱাৰী এগৰাকীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তীৰ্থনগৰীতেই।নাজমিনৰ পৰিয়ালৰ সন্দেহ, নাজমিনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামী দাদুল আলী আৰু পৰিয়ালৰ লোকে।
নাজমিনৰ স্বামীৰ পৰিয়ালে মানসিক নিৰ্যাতন চলোৱাই নহয়, বিগত কিছুদিনৰ পৰা যৌতুক দাবী কৰাৰ লগতে হত্যাৰো ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নাজমিনৰ মাতৃগৃহৰ লোকে। শনিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত এই ঘটনাৰ পিছতে নাজমিন নেহাৰৰ পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ।
উল্লেখ্য যে, সাত বছৰ পূৰ্বে হাজোৰ ৰামদিয়া সস্তাৰঘাটৰ দাদুল আলী শনিয়াদী বেলগুৰিৰ নাজমিন নেহাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। এটা মাহৰ ভিতৰতে তীৰ্থনগৰী হাজোত সংঘটিত এই দ্বিতীয় গৰাকী বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হাজোতেই।
ইতিমধ্যে হাজো আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে নাজমিনৰ স্বামী দাদুল আলীক সোধা–পোছাৰ বাবে আটক কৰিছে। আৰক্ষীৰ তদন্তৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে ওলাব এয়া হত্যা নে আত্মহত্যাৰ ঘটনা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|