২০ ফুট উচ্চতাৰ লোহাৰ ষ্টেণ্ডডালৰ খুঁটা চাৰিটা সঠিকভাৱে স্থাপন নকৰা বাবেই উভালি পৰাত শোকাৱহ ঘটনাটো সংঘটিত হয়।
২০ ফুট উচ্চতাৰ লোহাৰ ষ্টেণ্ডডালৰ খুঁটা চাৰিটা সঠিকভাৱে স্থাপন নকৰা বাবেই উভালি পৰাত শোকাৱহ ঘটনাটো সংঘটিত হয়।
মৰিয়নি নগৰত আজি পুৱাই সংঘটিত হয় এক শোকাৱহ ঘটনা। পানী টেংকি গাত পৰাত এগৰাকী বিবাহিত মহিলাই কৰুণ মৃত্যুক আঁকোৱালি লয়। মৰিয়নি নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ বাসিন্দা উত্তম ভৌমিকৰ পত্নী পূৰৱী দাসে ঘৰৰ পিছফালে গা ধুই থকা অৱস্থাত চুবুৰীয়া প্ৰদীপ দাস নামৰ লোকজনৰ চৌহদত পানী মজুত কৰি থোৱা ছিনটেক্সসহ লোহাৰ ষ্টেণ্ডডাল মহিলাগৰাকীৰ গাত বাগৰি পৰে (water tank collapse with iron stand at Mariani)।
পানীভৰ্তি ছিনটেক্স আৰু লোহাৰ ষ্টেণ্ডডালে মহিলাগৰাকীক হেঁচা মাৰি ধৰাত গুৰুতৰভাৱে আহত হয় মহিলা গৰাকী। পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত মহিলাগৰাকীক উদ্ধাৰ কৰি স্থানীয় মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, প্ৰায় ২০ ফুট উচ্চতাৰ লোহাৰ ষ্টেণ্ডডালৰ খুঁটা চাৰিটা সঠিকভাৱে স্থাপন নকৰা বাবেই উভালি পৰাত শোকাৱহ ঘটনাটো সংঘটিত হয়। অকাল মৃত্যুক সাৱটি লোৱা ২৮ বছৰীয়া পূৰৱী দাস নামৰ মহিলাগৰাকীয়ে নমহীয়া এটি কেঁচুৱা এৰি থৈ যায়। ঘটনাটোৱে মৰিয়নি নগৰত শোকৰ ছাঁ পেলাইছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|