৩বছৰৰ পিছত পূজাত গুৱাহাটীৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ যোৱাৰ কথা আছিল অনুমা বৈশ্যৰ...কিন্তু নিয়তিৰ লিখন কোনে খণ্ডাব?

স্বামী পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ অনুমাৰ পৰিয়ালৰ।

News18-Assam
Updated:October 7, 2019, 1:31 PM IST
৩বছৰৰ পিছত পূজাত গুৱাহাটীৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ যোৱাৰ কথা আছিল অনুমা বৈশ্যৰ...কিন্তু নিয়তিৰ লিখন কোনে খণ্ডাব?
স্বামী পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ অনুমাৰ পৰিয়ালৰ।
News18-Assam
Updated: October 7, 2019, 1:31 PM IST
শাৰদীয় দুৰ্গা পূজাৰ মাজতেই গুৱাহাটী মহানগৰীৰ পাথৰকুৱেৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ। স্বামীৰ ঘৰত অনুমা বৈশ্য নামৰ বিবাহিতা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগমতে প্ৰায় ৩ বছৰ ধৰি মহিলা গৰাকীৰ নিজ মাকৰ ঘৰলৈ যাব দিয়া নাছিল স্বামী সঞ্জয় বৈশ্য আৰু তেওঁৰ পৰিয়ালে। এইবাৰ দুৰ্গা পূজাত বাইহাটা চাৰিআলি ৰ নিজ ঘৰলৈ তিনি বছৰৰ পিছত যোৱাৰ কথা আছিল মহিলা গৰাকীৰ। আৰু তাৰবাবে মহিলা গৰাকীয়ে
নিজৰ দদায়েকক দেওবাৰে পাথৰকুৱেৰীৰ স্বামী গৃহলৈ মাতি পঠিয়াইছিল । কিন্তু নিয়তৰি নিষ্ঠুৰ লিখন কোনে খণ্ডাব?  শনিবাৰে গধুলি হঠাৎ স্বামী গৃহতে মৃতদেহ উদ্ধাৰ হয় মহিলা গৰাকীৰ। ইপিনে মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ মতে স্বামীৰ পৰিয়ালে মহিলাগৰাকীৰ মৃত্যুৰ খবৰ দিয়া নাছিল মহিলাগৰাকীৰ পৰিয়ালক। মহিলা গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে স্বামীৰ পৰিয়ালে প্ৰায়ে যৌতুক দাবী কৰাৰ লগতে মহিলা গৰাকীক প্ৰতিদিনে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছিল স্বামী আৰু শাহুয়েকে।  এনে অত্যাচাৰ সহিব নোৱাৰি মহিলা গৰাকীয়ে এই চৰম সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰিছে মৃত মহিলাগৰাকীৰ পৰিয়ালে। উল্লেখ্য যে,  ৮ বছৰ পূৰ্বে মহিলাগৰাকী পাথৰকুৱৰীৰ সঞ্জয় বৈশ্যৰ নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু এটা সন্তানৰ মাতৃ আছিল। পৰিয়ালৰ লোকৰ অভিযোগ মতে স্বামী আৰু শাহুৱেকে মিলি হত্যা কৰিলে অনুমা বৈশ্যক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত মৃত মহিলা গৰাকীৰ পৰিয়ালে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছে। নুনমাটি আৰক্ষী য়ে এই এজাহাৰৰ ভিত্তিত 607/ 19 নম্বৰত U/S 304(B) নং ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। 
আৰু চাওক পৰৱৰ্তী বাতৰি